ৰাজ্যত ক’ভিডত সুস্থতাৰ হাৰ ৭0%লৈ বৃদ্ধি, সোমবাৰে নতুনকৈ আক্রান্ত ১০৯৩
নিয়মীয়া বাৰ্তা, ২১ জুলাইঃ ৰাজ্যখনত ক’ভিড–১৯ৰ ক্রমৱর্ধমান দ্রুত সংক্রমণ আজিৰ দিনটোতো অব্যাহত আছে৷ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যখনৰ ভিন্ন প্রান্তত আজিও বিভিন্নজনৰ শৰীৰত ক’ভিড–১৯ৰ অৱস্থিতি ধৰা পৰিছে৷
আনহাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা আৰক্ষী জোৱান ৰাজেশ নার্জাৰীৰ মৃত্যু ঘটে৷ দেওবাৰে নিশা নার্জাৰীৰ মৃত্যু হোৱাৰ লগে লগে ক’ভিড–১৯ত আক্রান্ত হৈ ৰাজ্যখনত মৃত্যু হোৱা আৰক্ষী লোকৰ সংখ্যা দুজনলৈ বৃদ্ধি পালে৷ যোৱা ৪ জুনত ক’ভিড–১৯ত আক্রান্ত আৰক্ষী জোৱান ৰাজেশ নার্জাৰীৰ পৰৱর্তী পর্যায়ত স্বাস্থ্যৰ অৱনতি ঘটাত যোৱা ৯ জুলাইত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হয়৷ চিকিৎসাধীন অৱস্থাতে কালি জোৱানজনৰ মৃত্যু হয়৷
ইপিনে, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা ক’ভিড–১৯ত আক্রান্ত হৈছে৷ কাহ আৰু সামান্য জ্বৰত আক্রান্ত হৈ থকা বিধায়ক বৰাৰ ছোৱাব পৰীক্ষাৰ ফলাফলত ক’ভিডৰ অৱস্থিতি ধৰা পৰে৷ বিধায়ক বৰাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছে৷ সেইদৰে বিশিষ্ট চিকিৎসক নীল বৰদলৈ, আৰক্ষী বিষয়া প্রণৱজ্যোতি গোস্বামীও ক’ভিড–১৯ত আক্রান্ত হৈছে৷
আনহাতে ক’ৰোনাৰ অন্যতম হটস্পটত পৰিণত হৈছে ৰাজভৱন৷ যোৱা ৪ জুলাইত ৰাজভৱনৰ দুজন কর্মচাৰীৰ দেহত ক’ৰোনা পজিটিভ ধৰা পৰাৰ পিছতেই সমগ্র অঞ্চলটো কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছিল৷ যোৱা ৬ জুলাইত ৰাজভৱনত আক্রান্তৰ সংখ্যা ১২জনলৈ বৃদ্ধি পায়৷ আজিৰ দিনটোলৈ ৰাজভৱনত আক্রান্তৰ সংখ্যা ৭০জনলৈ বৃদ্ধি পাইছে৷
ইফালে, দিনটোত মাৰাত্মক ক’ৰোনা ভাইৰাছত নতুনকৈ আক্রান্ত হৈছে ১০৯৩গৰাকী ব্যক্তি৷ ইয়াৰে ৪৪৮গৰাকী ৰোগী হৈছে গুৱাহাটী মহানগৰীৰ৷ এই কথা টুইটযোগে সদৰী কৰিছে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ১,০৭২গৰাকী লোক সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ ইয়াৰ লগে লগে এতিয়ালৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা ১৭০৯৫গৰাকীলৈ বৃদ্ধি পালে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে এই কথা প্রকাশ কৰি কয় যে ইয়াৰ ফলস্বৰূপে ৰাজ্যখনত ক’ৰোনা ৰোগীৰ সুস্থতাৰ হাৰ ২০ শতাংশৰ পৰা ৭১ শতাংশলৈ বৃদ্ধি পালে৷ ৰাজ্যখনত মুঠ ক’ভিড আক্রান্ত ২৫০৯২গৰাকী লোকৰ ভিতৰত বর্তমান বিভিন্ন হাস্পতালত ৭,৯৩৬গৰাকী লোক চিকিৎসাধীন হৈ আছে৷ ড০ শর্মাই প্রকাশ কৰা অনুসৰি এতিয়ালৈ ৰাজ্যখনত মুঠ ৫৮গৰাকী লোকৰ ক’ৰোনাত মৃত্যু হৈছে৷