নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্তব্ধ ৰাজ্যৰ উন্নয়নঃ অৰুণোদয়–ভ্রমণ সাৰথী অৰুন্ধতী–স্বয়মত স্থবিৰতা

নিয়মীয়া বাৰ্তা, ২১ জুলাইঃ ক’ভিড–১৯–এ সমগ্র দেশৰ লগতে অসমতো অর্থনৈতিক দিশৰ উপৰি উন্নয়নমূলক কাম–কাজৰ ক্ষেত্রত বিৰূপ প্রভাৱ পেলাইছে৷ যোৱা মার্চ মাহৰ পৰাই চৰকাৰ–প্রশাসন ক’ভিড–১৯বিৰোধী যুঁজত অহর্নিশে ব্যস্ত থাকিবলগীয়া হোৱাৰ লগতে যোৱা মে’ মাহৰ মাজভাগলৈ কার্যতঃ লকডাউনৰ বাধা–নিষেধ বাহাল থকাত আন কাম–কাজত স্থবিৰতা আহি পৰে৷ পৰৱর্তী পর্যায়ত লকডাউন শিথিল কৰিলেও বিভিন্ন কাম–কাজ ৰূপায়ণৰ ক্ষেত্রত সীমিতসংখ্যক শ্রমিক–কর্মচাৰী নিয়োজিত কৰি সামাজিক দূৰত্ব বর্তাই ৰাখিবলগীয়া হোৱাত স্বাভাৱিকতে কাম–কাজৰ গতি যথেষ্ট মন্থৰ হৈ পৰিছে৷ এনে পৰিস্থিতিৰ পৰিপ্রেক্ষিতত এইবাৰ জলসম্পদ বিভাগে এটাও ভগা মথাউৰি মেৰামতি কৰিব নোৱাৰিলে৷ জনস্বাস্থ্য কাৰিকৰী বিভাগকে ধৰি আনবোৰ বিভাগৰ নির্মাণ খণ্ডতো একেই প্রভাৱ পৰে৷ ইয়াৰ উপৰি বাজেটত ঘোষণা কৰা আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্রতো ক’ভিড–১৯–এ বিৰূপ প্রভাৱ পেলাইছে৷ একমাত্র ক’ভিডৰ বাবেই ৰাজ্য চৰকাৰে বাজেটত ঘোষিত আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্রত থমকি ৰ’ব লগা হৈছে৷

ক’ভিড–১৯–এ সৃষ্টি কৰা প্রত্যাহ্বান নেওচি জনকল্যাণমূলক কার্যসূচীসমূহ যাতে ৰূপায়ণ কৰিব পৰা যায়, তাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, গড়কাপ্ঢানী বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যোৱা ১৯ আৰু ২০ মে’ত দুখনকৈ গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ ১৯ মে’ৰ দিনা মন্ত্রী ড০ শর্মাই স্বাস্থ্য বিভাগৰ প্রধান সচিব সমীৰ সিন্হা আৰু আন বিষয়াসকলৰ সৈতে ২০২০–২১ বর্ষৰ বাজেটত অন্তর্ভুক্ত ধ্বজাবাহী আঁচনি তথা গুৰুত্বপূর্ণ ঘোষণা আদি সন্দর্ভত এখন পর্যালোচনা বৈঠকত মিলিত হয়৷ সেই বৈঠকতে মন্ত্রী ড০ শর্মাই উপস্থিত বিষয়াবর্গক জনকল্যাণমূলক কার্যসূচীসমূহ ৰূপায়ণৰ ক্ষেত্রত আটাইৰে ধ্যান যাতে কেন্দ্রীভূত হৈ থাকে, সেয়া সুনিশ্চিত কৰিবলৈ নির্দেশ দিয়ে৷ ইয়াৰ পিছদিনাই অর্থাৎ ২০ মে’ত মন্ত্রী ড০ শর্মাই জনতা ভৱনত শক্তি, স্বাস্থ্য, শিক্ষা, গড়কাপ্ঢানী আদি বিভাগৰ ২০২০–২১ বর্ষৰ বাজেট সম্পর্কীয় আন এখন পর্যালোচনা বৈঠকত মিলিত হয়৷

উক্ত বৈঠকত বর্তমানলৈকে ৰূপায়িত কাম–কাজৰ বিষয়ে আলোচনা কৰাৰ উপৰি ভৱিষ্যতৰ কর্মৰাজিৰ পৰিকল্পনা যুগুত কৰে৷ ক’ৰোনাৰ প্রত্যাহ্বান গ্রহণৰ সমান্তৰালভাৱে ৰাজ্যখনত উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ মন্ত্রী ড০ শর্মাকে ধৰি ৰাজ্য চৰকাৰে প্রচেষ্টা অব্যাহত ৰাখে যদিও পৰৱর্তী পর্যায়ত ৰাজ্যখনত ক’ৰোনাৰ গণ সংক্রমণে ভয়াৱহ ৰূপ ধাৰণ কৰে৷ পৰিণতিত কামৰূপ মেট্র’ জিলাকে ধৰি ৰাজ্যখনৰ বিভিন্ন জিলা তথা স্থানত যোৱা জুন মাহৰ শেষ ভাগৰ পৰা পুনৰ লকডাউনৰ দৰে কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ বাধ্য হয়৷ ফলস্বৰূপে উন্নয়নমূলক কাম–কাজ সম্পাদন আৰু বাজেট ৰূপায়ণত ক’ৰোনাই প্রতিবন্ধক হিচাপে থিয় দিলে৷ এক কথাত ক’ব লাগিলে ক’ৰোনা মহামাৰীয়ে কেৱল অর্থনীতিয়েই ভাঙি দিয়া নাই, উন্নয়নমূলক কাম–কাজ আৰু চৰকাৰৰ জনকল্যাণমূলক আঁচনিতো হেঙাৰ হিচাপে থিয় দিছে৷

মন কৰিবলগীয়া এয়ে যে ২০২০–২১ বিত্তীয় বর্ষৰ ৰাজ্যিক বাজেটত ৰাজ্যখনৰ সর্বাংগীণ কল্যাণৰ বাবে যথেষ্ট নতুন নতুন আঁচনি গ্রহণ কৰিছিল৷ আনকি সেই আঁচনিসমূহ আখৰে আখৰে ৰূপায়ণৰ ক্ষেত্রতো চৰকাৰে বিশেষ লক্ষ্য স্থিৰ কৰিছিল৷ ৰাজ্যখনৰ ২৭ লাখ পৰিয়ালক প্রতিমাহে বিনামূলীয়া চাউলৰ উপৰি দৰব ক্রয়ৰ বাবে মাহে ৪০০ টকা, দাইল ক্রয়ৰ বাবে ২০০ টকা, চেনি ক্রয়ৰ বাবে ৮০ টকা, ফলমূল আৰু পাচলি ক্রয়ৰ বাবে ১৫০ টকাসহ মুঠ মাহেকত ৮৩০ টকা প্রদানৰ বাবে অৰুণোদয় নামেৰে এখন অভিলাষী আঁচনি গ্রহণ কৰে৷ ইয়াৰ বাবে বাজেটত ২৮০০ কোটি টকাও ধার্য কৰে৷ একেদৰে জ্যোতিস্মান অসম নামৰ আন এখন অভিলাষী আঁচনিৰ জৰিয়তে মাহে ৩০ ইউনিট পর্যন্ত বিজুলী ব্যৱহাৰ কৰা পৰিয়ালৰ বিদ্যুৎ মাচুল বিনামূলীয়া কৰাৰ ব্যৱস্থা কৰে৷ ১৪ লাখ পৰিয়ালক এই আঁচনিত সামৰি লোৱাৰ বাবে বাজেটত ২৫০ কোটি টকা ধার্য কৰে৷ একেদৰে গুৱাহাটী মহানগৰীত মহিলা আৰু বয়োঃজ্যেষ্ঠ ব্যক্তিক বিনামূলীয়াকৈ পৰিবহণ নিগমৰ বাছত ভ্রমণৰ সুবিধা দিয়াৰ লগতে ৰাজ্যখনত চাকৰি প্রার্থীসকল সাক্ষাতকাৰলৈ অহা–যোৱাৰ সময়ত ভ্রমণ বিনামূলীয়া কৰাৰ বাবে ভ্রমণ সাৰথি নামৰ আন এখন আঁচনিও গ্রহণ কৰে৷ সেইদৰে অৰুন্ধতী স্বর্ণ আঁচনিৰ অধীনত বিবাহৰ সময়ত কন্যাক সোণ ক্রয়ৰ বাবে দিবলগীয়া টকাৰ পৰিমাণ ৩০ হাজাৰৰ পৰা ৪০ হাজাৰলৈ বৃদ্ধি কৰে৷ পিছে, অতি দুখৰ বিষয় এয়ে যে নতুন বিত্তীয় বর্ষ আৰম্ভ হোৱাৰ প্রাক্ক্ষণৰ পৰাই ক’ভিড–১৯ৰ বাবে বিবাহ অনুষ্ঠানসমূহ ইখনৰ পিছত সিখনকৈ পিছুৱাই থাকিবলগীয়া হৈছে৷

একেদৰে নতুন সংশোধিত ৰূপত চৰকাৰে চলিত বিত্তীয় বর্ষৰ পৰা আৰম্ভ কৰিব বিচৰা স্বয়ম আঁচনিখনো ক’ৰোনাৰ বাবেই থমকি ৰ’বলগীয়া হৈছে৷ এই আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ দুই লাখ নিবনুৱা যুৱক–যুৱতীক ৫০ হাজাৰ টকাকৈ আর্থিক সাহায্য প্রদান কৰি আত্মসংস্থাপনৰ সুযোগ দিয়াৰ লক্ষ্যৰে বাজেটত এহেজাৰ কোটি টকা ধার্য কৰিছে৷ বাজেটখনত প্রতিটো খণ্ডতে জনকল্যাণৰ বাবে বহু অভিলাষী আঁচনি গ্রহণ কৰে যদিও এতিয়া সেইবোৰ ৰূপায়ণৰ ক্ষেত্রত প্রধান অন্তৰায় হিচাপে থিয় দিছে ক’ৰোনা মহামাৰী৷

You might also like