নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাক স্বাধীনতাৰে পৰা অসমক ইছলামিক ৰাষ্ট্র কৰাৰ ষড়যন্ত্র চলি আছে: জয়ন্ত মল্ল

নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ অসমৰ হিন্দু যুৱতীক লক্ষ্য কৰি আৰম্ভ হোৱা লাভ জেহাদ আৰু বলপূর্বক ধর্মান্তৰকৰণক লৈ ক্ষুব্ধ হৈ পৰিছে দল–সংগঠন৷ বিশেষকৈ মধ্য অসমৰ বহু অঞ্চলত শেহতীয়াভাৱে একাংশ ইছলামধর্মী যুৱকে হিন্দু যুৱতীৰ সৈতে প্রেমৰ নাটক কৰি আৰম্ভ কৰা লাভ জেহাদ আৰু পলুৱাই নি হত্যা কৰা ঘটনাই সমগ্র প্রক্রিয়াৰ আঁৰত যে এক গভীৰ পৰিকল্পিত ষড়যন্ত্র লুকাই আছে, সেয়া স্পষ্ট হৈ পৰিছে৷ এনে ষড়যন্ত্র প্রাক্ স্বাধীনতা কালৰে পৰাই অসমখনক লক্ষ্য কৰি চলি আছে বুলি আজি তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে ৰাজ্যিক বিজেপিৰ মুখপাত্র জয়ন্ত মল্ল বৰুৱাই৷

এই সন্দর্ভত মুখপাত্র বৰুৱাই কয়– ‘ধর্মান্তৰকৰণ বা অন্যান্য ব্যৱস্থাৰ মাজেৰে অসমখনক ইছলামিক ৰাষ্ট্র কৰাৰ পৰিকল্পনা আজিৰ নহয়, প্রাক্ স্বাধীনতা কালৰে পৰাই এচাম লোকে বা এটা শক্তিয়ে এই ষড়যন্ত্রৰে কাম কৰি আছে৷ আজি সমাজত চলি থকা ধর্মান্তৰকৰণ, লাভ জেহাদ, বলপূর্বকভাৱে মহিলাক উঠাই নিয়া এই পৰিকল্পনাৰে এটা অংশ৷ আজি এই কথাবোৰৰ বহিঃপ্রকাশ আমি দেখিবলৈ পাইছোঁ৷ প্রাক্ স্বাধীনতাৰ দিনৰে পৰা অসমখনক ইছলামিক ৰাষ্ট্রত পৰিণত কৰাৰ বাবে শেহতীয়াকৈ ভয়–ভীতিৰে ধর্মান্তৰকৰণৰ চেষ্টা চলিছে৷ য’তেই এই লোকসকলৰ সংখ্যা বৃদ্ধি হৈছে, তাতেই অন্য লোকসকলক খেদি পঠোৱা, জোৰ কৰি ধর্মান্তৰকৰণ প্রক্রিয়া চলাই আহিছে৷ গতিকে অসমৰ ৰাইজে কথাবোৰ বুজি সাৱধান হোৱাৰ প্রয়োজন হ’ল৷ লক্ষণীয় বিষয়টো হ’ল, এই কথাবোৰ উত্থাপন হ’লেই অসমৰ তথাকথিত ধর্মনিৰপেক্ষ লোকসকলে ইয়াক সাম্প্রদায়িক ৰূপ দিয়া বুলি অভিযোগ কৰে৷’ ধর্মনিৰপেক্ষতাৰ মুখাখন লৈ থকা বাবেই অপশক্তিসমূহে অসমত কাম কৰাৰ সুবিধা পাইছে বুলি বৰুৱাই কয়– ইছলামিক ৰাষ্ট্রৰ লক্ষ্যৰে একাংশ লোকে ধর্মান্তৰকৰণ, বহু বিবাহ, বহু সন্তান জন্ম দিয়াৰ মাজেৰে পৰিকল্পিত ষড়যন্ত্র চলাই আছে৷

ইফালে, ষড়যন্ত্রমূলকভাৱে হিন্দু যুৱতীক লক্ষ্য কৰি আৰম্ভ হোৱা লাভ জেহাদ, প্রলোভনেৰে পলুৱাই নি পিছত হত্যা কৰা আদি শেহতীয়া ঘটনাৱলীক লৈ ৰাষ্ট্রীয় স্বয়ংসেৱক (আৰএছএছ) সংঘৰ নেতা শংকৰ দাসেও তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে৷ তীব্র ক্ষোভেৰে তেওঁ কয়– ‘হিন্দুৰ ছোৱালী মুছলমান ল’ৰাই বিয়া কৰালে বা নিকাহ কৰিলে প্রেম বিবাহ বুলি উদাৰতা দেখুওৱা ভণ্ড ধর্মনিৰপেক্ষসকলে অসমৰ শেহতীয়া ছবিখন বুজা উচিত৷ বটদ্রৱাত হিন্দু যুৱতীক পলুৱাই নি হত্যা কৰা আৰু তেজপুৰত যুৱতীক পলুৱাই নি ধর্মান্তৰকৰণ কৰা সন্দর্ভত ‘নিয়মীয়া বার্তা’ত প্রকাশ পোৱা বাতৰিটোৱে সমাজৰ চকু মেল খুৱাওক, তাৰে কামনা কৰিছোঁ৷ সত্যনিষ্ঠ, বলিষ্ঠ আৰু সমাজত সচেতনা আনিবলৈ লোৱা এই পদক্ষেপৰ শলাগ লৈছোঁ৷’ তেওঁ কয়– জেহাদৰ অর্থ হ’ল সংঘর্ষ৷ গতিকে সংঘর্ষই বিপৰীত ধর্মৰ মাজত হৈ পৰে লো আৰু চুম্বকৰ দৰেই৷ হিন্দু ছোৱালীক মুছলমান ল’ৰাই বিয়া কৰালে উদাৰতা, ধর্মনিৰপেক্ষ বুলি অভিযোগ কৰাসকলে এই ঘটনাসমূহৰ পৰা উচিত শিক্ষা ল’ব বুলি তেওঁ আশা ব্যক্ত কৰে৷

You might also like