নিয়মীয়া বাৰ্তা, ২৪ জুলাইঃ ক’ৰোনা ভেকচিনৰ গৱেষণাই বৃহৎ সফলতা লাভ কৰাৰ পিছত সমগ্র বিশ্বজুৰি আশাৰ সঞ্চাৰ হৈছে৷ অক্সফ’ড বিশ্ববিদ্যালয়ত চলা ক’ৰোনা ভেকচিনৰ দুটাকৈ পর্যায়ত মানৱ দেহত চলোৱা সম্পৰীক্ষণ সফলতাৰে সম্পন্ন হোৱাৰ পিছত ভাৰততো এই ভেকচিনৰ হিউমেন ট্রায়েল চলাৰ ঘোষণা কৰিছে ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই৷ অক্সফ’ডৰ গৱেষণাৰ উদ্যোক্তা ঔষধ নির্মাতা কোম্পানী এষ্ট্রা জেনেকাৰ সৈতে এই ভেকচিন প্রস্তুতৰ বাবে ইতিমধ্যে চুক্তিবদ্ধ হৈছে ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া৷ ছিৰাম ইনষ্টিটিউটৰ মুখ্য কার্যবাহী বিষয়া অডৰ পুনাৱালাই জনোৱা মতে অক্সফ’র্ডেAZD1222 নাম দিয়া ক’ৰোনা প্রতিৰোধী এই ভেকচিনটোৰ ভাৰতীয় নাম হ’ব ক’ভিশ্বিল্ড৷ বাণিজ্যিক উৎপাদনৰ পিছত ভেকচিনটোৰ এটা ড’জৰ মূল্য ১০০০ টকাতকৈ কম হ’ব বুলিও ছিৰামৰ চি ই অ’গৰাকীয়ে সদৰী কৰে৷ উল্লেখ্য যে লণ্ডনত মানৱ দেহত অক্সফ’ড বিশ্ববিদ্যালয়ৰ এই ভেকচিনৰ সফল পৰীক্ষণৰ পিছত ব্রাজিল আৰু দক্ষিণ আফ্রিকাতো ইয়াৰ সম্পৰীক্ষণ হ’ব৷ আনহাতে ভাৰতবর্ষত আগষ্ট মাহত এই ভেকচিনটো মানৱ শৰীৰত প্রয়োগ কৰি পৰীক্ষা কৰা হ’ব বুলি ছিৰাম ইনষ্টিটিউটৰ তৰফৰ পৰা প্রকাশ৷ আনহাতে দেশত এই ভেকচিনৰ মানৱ দেহত পৰীক্ষণ সফল হ’লে নৱেম্বৰত ভাৰতীয় বজাৰত উপলব্ধ হ’ব বুলি ছিৰাম ইনষ্টিটিউটে সদৰী কৰিছে৷
উল্লেখ্য যে অক্সফ’র্ডে চলোৱা দুটাকৈ মানৱ দেহত প্রয়োগৰ পৰীক্ষাত এই ভেকচিনটোৱে মানৱ শৰীৰত ক’ভিড–১৯ প্রতিৰোধী ক্ষমতা গঢ়ি তোলাৰ লগতে এণ্টিবডী আৰু কিলাৰ টি চেল গঢ়ি তুলিবলৈ সক্ষম হোৱা বুলি গৱেষকসকলে প্রকাশ কৰিছে৷ ক’ৰোনা মহামাৰীয়ে সমগ্র্র বিশ্বৰ লগতে ভাৰততো সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে ভেকচিন সম্পর্কীয় এই খবৰ ইতিবাচক বুলি বিবেচিত হৈছে৷ ইফালে, হায়দৰাবাদৰ ভাৰতীয় ঔষধ নির্মাতা কোম্পানী ভাৰত বায়’টেকে চলোৱা ক’ৰোনা প্রতিৰোধী ভেকচিনৰ গৱেষণায়ো যথেষ্ট অগ্রগতি লাভ কৰিছে৷ ক’ভাক্সিন নামৰ এই ক’ৰোনা প্রতিৰোধী ভেকচিনটো মানৱ দেহত প্রয়োগ কৰি চলোৱা পৰীক্ষাৰ প্রক্রিয়া অহা শনিবাৰৰ পৰা আৰম্ভ হ’ব বুলি অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স চমুকৈ এইমছৰ মুখ্য পৰীক্ষণ গৱেষক ড০ সঞ্জয় ৰয়ে প্রকাশ কৰিছে৷ তেওঁ জনোৱা মতে, দেশৰ ১২টা স্থানত এই সম্পৰীক্ষণ চলিব৷ ইতিমধ্যে দুটা পর্যায়ৰ এনে পৰীক্ষাৰ বাবে ২০০০ সুস্থ স্বেচ্ছাসেৱক নির্বাচিত কৰা হৈছে৷ ক’ভাক্সিনৰ মানৱ শৰীৰত চলোৱা ব্যৱহাৰিক পৰীক্ষাৰ বাবে ইতিমধ্যে ইণ্ডিয়ান ড্রাগ ৰেগুলেটৰে যাৱতীয় অনুমতি প্রদান কৰিছে৷ আনহাতে জিডাছ কেডিলা নামৰ কোম্পানীটোৱে অব্যাহত ৰখা ভেকচিন গৱেষণায়ো যথেষ্ট সফলতা লাভ কৰিছে৷
আহমেদাবাদত এই ভেকচিনৰ প্রথম আৰু দ্বিতীয় পর্যায়ৰ সম্পৰীক্ষণ অব্যাহত আছে বুলি কোম্পানীটোৰ তৰফৰ পৰা প্রকাশ পাইছে৷ আনহাতে ক’ৰোনা ভেকচিনৰ ক্ষেত্রত অন্য এটা সফলতা লাভ কৰিছে জার্মানীত বায়’টেক আৰু আমেৰিকাৰ ঔষধ নির্মাতা ফাইজা কোম্পানীয়ে চলোৱা বিএনটি–১৬২ নামৰ ভেকচিনটো সম্পৰীক্ষণৰ ক্ষেত্রতো৷ এই ভেকচিনটো ইতিমধ্যে ৬০জন লোকৰ শৰীৰত প্রয়োগ কৰি চলোৱা পৰীক্ষাৰ সফলতাৰ দাবী কৰিছে গৱেষকসকলে৷ ক’ৰোনা ভেকচিনৰ এনে সফলতাৰ পিছতো ৱর্ল্ড হেলথ অর্গেনাইজেচন চমুকৈ হুৰ বিশেষজ্ঞই এই ভেকচিন অহা বর্ষৰ প্রথম ভাগতহে বজাৰলৈ আহিব বুলি সদৰী কৰিছে৷ অৱশ্যে ভেকচিন গৱেষণা প্রতিষ্ঠান আৰু প্রস্তুতকর্তা ঔষধ নির্মাতা কোম্পানীসমূহে এই বর্ষৰ শেষৰ ফালেই বজাৰত ক’ৰোনা প্রতিৰোধী ভেকচিন উপলব্ধ হ’ব বুলি দাবী কৰিছে৷