নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ বিৰুদ্ধে যুঁজৰ সমানে সমানে পূর্ণোদ্যমে ৰাজনীতিৰ যুঁজ

নিয়মীয়া বাৰ্তা, ২৪ জুলাইঃ আঠ মাহ পিছতেই অনুষ্ঠিত হ’ব অসম বিধানসভাৰ নির্বাচন৷ অহা বছৰ এপ্রিল মাহত হ’বলগীয়া বিধানসভা নির্বাচনৰ সময় চমু চাপি অহাৰ লগে লগেই আৰম্ভ হৈছে ৰাজনৈতিক দলসমূহৰ মাজত নির্বাচনকেন্দ্রিক তৎপৰতা৷ ক’ৰোনা যুঁজৰ সমানে সম্প্রতি ৰাজ্যত পূর্ণোদ্যমে আৰম্ভ হৈছে ৰাজনৈতিক যুঁজ৷ পূর্ণগতিত চলিছে বোকা ছটিওৱাৰ ৰাজনীতি৷ পৰিস্থিতি এতিয়া এনে পর্যায়ত উপনীত হৈছে যে ক’ৰোনা মহামাৰী আৰু বানপানীও এতিয়া ৰাজনৈতিক দল, বিশেষকৈ বিৰোধীৰ বাবে হৈ পৰিছে অন্যতম ৰাজনৈতিক ইছ্যু৷ বিৰোধী দল কংগ্রেছে ইতিমধ্যে এআইইউডিএফৰ সৈতে নির্বাচনী মিত্রতা কৰি আসন্ন বিধানসভা নির্বাচনত অৱতীর্ণ হোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ জনসাধাৰণৰ মন ৰাজনৈতিক দিশলৈ নিয়াৰ লক্ষ্যৰে কংগ্রেছে ইতিমধ্যে ক’ৰোনাক লৈ ৰাজনীতি চলোৱাৰ গুৰুতৰ অভিযোগ কৰিছে৷ পিছে কংগ্রেছে ক’ৰোনাক ৰাজনীতিকৰণ কৰি নির্বাচনী যুঁজত অৱতীর্ণ হ’লেও সফল হ’ব নোৱাৰিব বুলি স্পষ্টভাৱে মন্তব্য কৰিছে ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, গড়কাপ্ঢানী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এআইইউডিএফকে ধৰি যাৰেই সৈতে কংগ্রেছে মিত্রতা নকৰক কিয়, অহা নির্বাচনত বিজেপিয়েই পুনৰ চৰকাৰ কৰিব বুলি ঘোষণা কৰিছে মন্ত্রী ড০ শর্মাই৷

সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই কয় যে ২০২১ চনৰ বিধানসভা নির্বাচনত তেওঁ অকলেই বিৰোধীক ১০০টা গ’ল দিব৷ তেওঁৰ উপৰি আনসকলেও বিৰোধীক গ’ল দিব৷ প্রত্যেকটো নির্বাচনত তেওঁ বিৰোধীক গ’ল দি আহিছে আৰু অহা নির্বাচনতো বিৰোধীক গ’ল দিব৷ যোৱা লোকসভা নির্বাচনতকৈ আসন্ন বিধানসভা নির্বাচনত বিজেপিৰ ফলাফল অধিক ভাল হ’ব৷ ১০০খন আসন দখলেৰে বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিব৷ বিৰোধী কংগ্রেছক হতাশাগ্রস্ত আখ্যা দি মন্ত্রী ড০ শর্মাই কয় যে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাই প্রতিদিনেই ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছে৷ যোৱা ৪টা মাহত তেওঁতকৈ ৰিপুন বৰাই অধিক ঘূৰাফুৰা কৰিছে৷ সেইদৰে নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে সামাজিক দূৰত্ব উলংঘন কৰি ৩০ হাজাৰ লোকৰ উপস্থিতিত জানাজাত অংশগ্রহণ কৰিছে৷ অথচ তেওঁলোকেই প্রশ্ণ কৰে– ইমানদিনে হিমন্ত বিশ্ব শর্মাৰ কিয় ক’ৰোনা হোৱা নাই? সেই প্রশ্ণ কৰাৰ আগতে তেওঁলোকে নিজৰ গাত চিকুটি নাচায়৷ হতাশাগ্রস্ত মানুহ বাবেহে তেওঁলোকে তেনে কথা ক’ব পাৰে বুলি মন্ত্রীগৰাকীয়ে মন্তব্য কৰে৷ ইপিনে, কংগ্রেছ দলে অহা বিধানসভা নির্বাচনত এআইইউডিএফৰ সহযোগত সংখ্যালঘুৰ ভোটেৰে নির্বাচনী বৈতৰণী পাৰ হোৱাৰ যি পৰিকল্পনা কৰিছে, সেয়া দলটোৰ শেহতীয়া কার্যকলাপত সকলো জলজল–পটপটকৈ ওলাই পৰিছে৷ ৰাজ্যখনৰ সাম্প্রতিক প্রলংয়কৰী বানত প্রতিখন জিলাই ক্ষতিগ্রস্ত হৈছে৷ কিন্তু কংগ্রেছে সংখ্যালঘু ভোটাৰ অধ্যুষিত জিলাসমূহত দলীয় প্রতিনিধি দল প্রেৰণ কৰি বান পৰিস্থিতি অধ্যয়নৰহে ব্যৱস্থা কৰিছে৷

সংখ্যালঘু ভোটাৰে প্রভাৱান্বিত কৰিব নোৱাৰা উজনি অসম তথা উত্তৰ অসমৰ জিলাসমূহ কার্যতঃ কংগ্রেছৰ বাবে এতিয়া এলাগী৷ নামনি অসম আৰু মধ্য অসমৰ বান পৰিস্থিতি অধ্যয়নতেই কংগ্রেছ এতিয়া সীমাবদ্ধ৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাৰ নির্দেশমর্মে ইতিমধ্যে বিধায়ক ৱাজেদ আলী চৌধুৰীৰ নেতৃত্বত এটা প্রতিনিধি দল গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও আৰু দক্ষিণ শালমাৰা জিলাৰ বান পৰিস্থিতি অধ্যয়নৰ বাবে প্রেৰণ কৰে৷ সেইদৰে বিধায়ক শুকুৰ আলী আহমেদৰ নেতৃত্বত কামৰূপ, নলবাৰী আৰু বৰপেটা জিলাৰ বান পৰিস্থিতি অধ্যয়নৰ বাবে আন এটা দল প্রেৰণ কৰে৷ অনুৰূপ ধৰণে বিধায়ক ৰকিবুল হুছেইনৰ নেতৃত্বত মৰিগাঁও, নগাঁও, হোজাই আৰু গোলাঘাট জিলাৰ বান পৰিস্থিতি অধ্যয়নৰ বাবে আন এটা দলক দায়িত্ব দিয়ে৷ মন কৰিবলগীয়া এয়ে যে গোলাঘাট জিলা সংখ্যালঘু অধ্যুষিত জিলা নহয় যদিও সাংসদ গৌৰৱ গগৈয়ে প্রতিনিধিত্ব কৰি থকা কলিয়াবৰ লোকসভা সমষ্টিৰ অধীনস্থ বাবেই জিলাখনলৈ কংগ্রেছে প্রতিনিধি দল প্রেৰণ কৰিছে৷ মুঠতে ক’ৰোনাক লৈ ৰাজনীতি আৰম্ভ কৰা কংগ্রেছেও ৰাজনৈতিক দৃষ্টিভংগী আগত ৰাখিয়েই সংখ্যালঘু অধ্যুষিত জিলাসমূহলৈ প্রতিনিধি দল প্রেৰণ কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰাইজৰ খা–খবৰ লোৱাৰ ব্যৱস্থা কৰিছে৷ কংগ্রেছৰ এই ৰাজনীতি কিমানদূৰ সফল হয়, সেয়া সময়তহে ক’ব পৰা যাব৷ আনহাতে বিটিএডিৰ চাৰিখন জিলা কোকৰাঝাৰ, চিৰাং, বাগ্সা, আৰু ওদালগুৰিও বানত বিধ্বস্ত হৈছে যদিও কংগ্রেছে সংশ্লিষ্ট জিলাকেইখনলৈ প্রতিনিধি দল পঠিওৱাত বিশেষ গুৰুত্ব দিয়া নাই৷

দলীয় এক সূত্রৰ পৰা জানিব পৰা মতে, হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ সৈতে কংগ্রেছে অহা বিধানসভা নির্বাচনত মিত্রতা কৰাৰ কুচকাৱাজ চলাই আছে৷ বিটিচি নির্বাচনৰ পিছতেই সেই ছবিখন পৰিষ্কাৰ হৈ পৰিব৷ সেয়ে কংগ্রেছে বানবিধ্বস্ত বিটিচিৰ জিলাকেইখনলৈ সদ্যহতে ৰাজনৈতিক কুচকাৱাজ চলাব বিচৰা নাই৷

You might also like