নিয়মীয়া বাৰ্তা, ২৫ জুলাইঃ দিল্লীৰ চট্টৰপুৰত এক জঘন্য কাণ্ড পোহৰলৈ আহিছে। ক’ভিড কেয়াৰ চেণ্টাৰত ক’ৰোনাত আক্ৰান্ত ১৪ বছৰীয়া নাবালিকাক বলাৎকাৰ এজন ক’ভিড আক্ৰান্ত যুৱকৰ। দিল্লীৰ চৰ্দাৰ পেটেল ক’ভিড কেয়াৰ চেণ্টাৰত সংঘটিত হৈছে এই জঘন্য কাণ্ড। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত যুৱকজনক । লগতে এই ধৰ্ষণকাণ্ডত অভিযুক্ত যুৱকজনক সহায় কৰা আন এজন যুৱককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।
বৰ্তমান দুই অভিযুক্তক আৰক্ষীয়ে ন্যায়িক জিম্মাত লৈ ক’ভিড চিকিৎসা থকা আন এক স্থানলৈ স্থানান্তৰ কৰা হৈছে । আনহাতে ক’ৰোনাত আক্ৰান্ত হৈ থকা ভুক্তভোগী যুৱতীগৰাকী সুস্থ হৈ উঠিলেই আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধপোছ কৰিব বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে এই ঘটনাটো ১৫ জুলাইৰ সন্ধিয়া যেতিয়া নাবালিকাগৰাকী বাথৰূমলৈ গৈছিল, সেই সময়তে সংঘটিত হৈছিল বুলি ইণ্ডিয়া টুডেত প্ৰকাশ পাইছে ।