অৰুণাচলত ৩০ আইটিবিপি জোৱানৰ দেহত ক’ভিড–১৯ৰ ভাইৰাছ
নিয়মীয়া বার্তা, ২৬ জুলাইঃ অৰুণাচল প্রদেশত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যাই হেজাৰৰ ঘৰ অতিক্রম কৰিছে৷ কালি পাহাৰীয়া ৰাজ্যখনত ৬৫জন ব্যক্তিৰ ক’ভিড–১৯ পজিটিভ পোৱা গৈছে আৰু মুঠ আক্রান্তৰ সংখ্যা ১০৫৬লৈ বৃদ্ধি পাইছে৷ কালি চিনাক্ত হোৱা ক’ভিড আক্রান্তৰ ৩০জনেই পাপুমপাৰে জিলাত কর্মৰত ভাৰত–তিব্বত সীমান্ত পুলিচৰ জোৱান৷
আনহাতে লকডাউন সত্ত্বেও ইটানগৰ কেপিটেল কমপ্লেক্স এলেকাত নতুনকৈ ২৩জন ব্যক্তি ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে৷ অন্যান্য কেইজনৰ ভিতৰত ৫জন টিৰাপ, ৩জন লোহিত, ২জন নাদনি দিবাং ভেলী, এজনকৈ নামচাই আৰু পশ্চিম কামেং জিলাৰ বুলি অৰুণাচল প্রদেশৰ ষ্টেট ছার্ভিলেন্স বিষয়া ডাঃ এল জাম্পাই জনাইছে ৷ কেপিটেল কমপ্লেক্স এলেকাৰ ইটানগৰ, নাহৰলগুন , নিৰজুলী আৰু বান্দৰদেৱাত মুঠ ৩৭৮জন আক্রান্ত হৈছে৷ চুবুৰীয়া ৰাজ্যখনত এতিয়ালৈকে ১,০৫৬জন ক’ভিড–১৯ত আক্রান্ত হৈছে ৷