নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ক’ভিড আক্রান্ত আৰু ৭জনৰ মৃত্যু: মৃতকৰ সংখ্যা ৮৬লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ মহামাৰী ক’ৰোনাৰ সংহাৰী ৰূপ ৰাজ্যখনত অব্যাহত আছে৷ পুনৰ ৭গৰাকী ক’ভিড আক্রান্তৰ মৃত্যু ঘটে৷ ইয়াৰ লগে লগে ৰাজ্যখনত ক’ভিডত আক্রান্ত হৈ মৃত্যুমুখত পৰা লোকৰ সংখ্যা ৮৬গৰাকীলৈ বৃদ্ধি পালে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে জনোৱা অনুসৰি   যোৰহাটৰ তুলসীপ্রসাদ দেউৰী (৫৯), পূব কার্বি আলংঙৰ জয়ছিং বে’ (৫৯), কামৰূপ মেট্র’ৰ মেভিনা বেগম (২৬), ডিব্রুগড়ৰ ডাঃ জি এম এছ চৌধুৰী (৭২), তিনিচুকীয়াৰ অজয় মাহাতো (৩৫), পুষ্পা ৰয় (৭৫) আৰু দীনেশ চন্দ্র দাস (৫০)ৰ সংক্রমণজনিত কাৰণত মৃত্যু ঘটে৷ মন্ত্রী ড০ শর্মাই আটাইকেইগৰাকী লোকৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷

ইপিনে,  ৰাজ্যখনত নতুনকৈ ১,৩৪৮গৰাকী লোক আক্রান্ত হৈছে৷ ইয়াৰে ১৫৫গৰাকী গুৱাহাটী মহানগৰীৰ৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই টুইটাৰত উল্লেখ কৰা অনুসৰি যোৱা ২৪ ঘণ্টাত ২১,৭৪২গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ তাৰ ভিতৰত ১৩৪৮গৰাকীৰ দেহত পজিটিভ ধৰা পৰে৷ আক্রান্তৰ হাৰ ৬.১৯ শতাংশ৷ আনহাতে   সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত বিভিন্ন হাস্পতালৰ পৰা ১,৩৬২গৰাকী লোক ঘৰলৈ উভতি যায়৷ ইয়াৰ লগে লগে ৰাজ্যখনত সুস্থ হৈ উঠা লোকৰ সংখ্যা ২৫,৪০২গৰাকীলৈ বৃদ্ধি পায়৷ বর্তমান ৰাজ্যখনৰ মুঠ ৩৩,৫৭৬গৰাকী ক’ভিড ৰোগীৰ ভিতৰত ৮,০৮৫গৰাকী বিভিন্ন হাস্পতালত চিকিৎসাধীন হৈ আছে৷

You might also like