ৰবটে পৰিষ্কাৰ কৰিব গুৱাহাটীৰ মেনহল
নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ অপৰিষ্কাৰ নলা–নর্দমা, মেনহলৰ বাবে সৃষ্ট কৃত্রিম বানত জর্জৰিত গুৱাহাটী মহানগৰবাসীলৈ সুখবৰ৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ জটিল সন্ধিক্ষণৰ মাজতে মহানগৰীৰ গভীৰ নলা–নর্দমা, মেনহল পৰিষ্কাৰ কৰিবলৈ অত্যাধুনিক প্রযুক্তিবিদ্যাৰ সহায় লৈছে গুৱাহাটী পৌৰ নিগমে৷ ইণ্ডিয়ান অইল কর্প’ৰেচনৰ কর্প’ৰেট সামাজিক দায়বদ্ধতা পুঁজিৰ অনুদানেৰে ক্রয় কৰা অত্যাধুনিক বেণ্ডিকোট ৰবটেৰে মহানগৰীৰ গভীৰ নলা–নর্দমা আৰু মেনহলসমূহ পৰিষ্কাৰ কৰা হ’ব৷ মেনহল পৰিষ্কাৰ কৰা কার্যত ৰবট ব্যৱহাৰৰ ক্ষেত্রত উত্তৰ–পূর্বাঞ্চলৰ ভিতৰত প্রথম পৌৰ নিগম হিচাপে স্বীকৃতি লাভ কৰিছে গুৱাহাটীয়ে৷ উল্লেখ্য যে মেনহল পৰিষ্কাৰ কৰি বিগত চাৰি বছৰত দেশৰ তিনি শতাধিক চাফাই কর্মচাৰীয়ে অকালতে মৃত্যুবৰণ কৰিছে৷ ফলত মেনহল পৰিষ্কাৰৰ ক্ষেত্রত চাফাই কর্মচাৰী নিয়োগ কৰাত নিষেধাজ্ঞা জাৰি কৰিছে ৰাষ্ট্রীয় চাফাই কর্মচাৰী আয়োগে৷
শেহতীয়াকৈ ষ্টার্ট আপ ভাৰতৰ অধীনত কেৰালাৰ চাৰিগৰাকীকৈ অভিযন্তাই জেনেৰবটিকছ নামৰ এটা কোম্পানী প্রতিষ্ঠা কৰি বেণ্ডিকোট ৰবটটো নির্মাণ কৰি উলিয়াইছিল৷ বিমল গুবিল এন কে, অৰুণ জর্জ, নিখিল এনপি আৰু ৰছিদ বিন আব্দুল্লা খান নামৰ চাৰিগৰাকী যুৱ অভিযন্তাই এই বেণ্ডিকোট ৰবটটো নির্মাণ কৰাৰ পিছতে বিপুল সঁহাৰি লাভ কৰিছিল৷ কেৰালা, তামিলনাডু, অন্ধ্রপ্রদেশ, উত্তৰ প্রদেশ, পঞ্জাব, দিল্লী, হাৰিয়ানা, গুজৰাট, মহাৰাষ্ট্র আদিকে ধৰি কেইবাখনো ৰাজ্যই বেণ্ডিকোট ৰবট ব্যৱহাৰ কৰিছে৷ অত্যাধুনিক কাৰিকৰী কৌশলেৰে নির্মাণ কৰা বেণ্ডিকোট ৰবটটো ৩৬০ ডিগ্রীত ঘূৰাব পাৰি৷ বেণ্ডিকোট ৰবটটোত ব্যৱহাৰ কৰা কাৰিকৰী কৌশল আৰু কেমেৰাই মেনহলৰ ফটো, গভীৰতা আৰু মেনহলৰ পৰা সৃষ্টি হোৱা বিষাক্ত গেছ নাশ কৰিব পাৰে৷ গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই জানিবলৈ দিয়া মতে, গুৱাহাটীৰ ছটা জ’নত এই বেণ্ডিকোট ৰবট ব্যৱহাৰ কৰি মহানগৰীৰ আঠশ মেনহল পৰিষ্কাৰ কৰা হ’ব৷
ইতিমধ্যে পৌৰ নিগম কর্তৃপক্ষই ছয়গৰাকীকৈ কর্মচাৰীক বেণ্ডিকোট ৰবটটো ব্যৱহাৰৰ প্রশিক্ষণ প্রদান কৰিছে৷ কাইলৈ আনুষ্ঠানিকভাৱে মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই এই ৰবটটো মুকলি কৰিব৷ উল্লেখ্য যে গুৱাহাটী মহানগৰীত থকা মেনহলসমূহ পৰিষ্কাৰ কৰাৰ ক্ষেত্রত পৌৰ নিগম কর্তৃপক্ষ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছিল৷ পৌৰ নিগমৰ চাফাই কর্মচাৰীয়ে পৰিষ্কাৰ কৰিলেও মেনহলৰ গভীৰতাৰ বাবে ভালদৰে পৰিষ্কাৰ কৰিব পৰা নাছিল৷ ইয়াৰ ফলত মেনহলত জমা হোৱা আৱর্জনাই মেনহলৰ গভীৰতা হ্রাস কৰাত বিভিন্ন স্থানত কৃত্রিম বানৰ সৃষ্টি হৈ আহিছে৷ বেণ্ডিকোট ৰবট ব্যৱহাৰৰ ফলত মহানগৰীৰ বিভিন্ন স্থানত থকা ৮০০ মেনহল পৰিষ্কাৰ কৰাত এক নতুন দিগন্তৰ সূচনা হ’ব৷