নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ শেহতীয়াকৈ ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে দুলীয়াজান আৰক্ষী থানাৰ ১০ গৰাকীকৈ ক’ভিড যোদ্ধা । স্বাস্হ্য বিভাগৰ সূত্ৰ অনুসৰি এইসকল আৰক্ষীৰ দেহত পজিটিভ লক্ষণে দেখা দিয়াত কালি ৰেপিড টেষ্ট কৰা হয় ।
আৰক্ষী থানাৰ মুঠ ১১ গৰাকীৰ ৰেপিড টেষ্টৰ ভিতৰত ১০ গৰাকীৰ ফলাফল পজিটিভ আহিল ।
কালি নিশাই টেঙাখাট খণ্ডৰ চৰকাৰী স্বাস্হ্য বিভাগে পজিটিভ চিনাক্ত ১০ গৰাকী আৰক্ষীক দুলীয়াজান অইল হায়াৰ চেকেণ্ডাৰী বিদ্যালয়ৰ ক’ভিড কেয়াৰ চেন্টাৰলৈ প্ৰেৰণ কৰে ।
উল্লেখযোগ্য যে বৰ্ধিত ক’ভিড ৰোগীৰ সংখ্যালৈ লক্ষ্য ৰাখি টেঙাখাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত ৮০ খন বিছনাযুক্তৰে অস্হায়ীভাৱে নিৰ্মাণ কৰা হৈছে দুলীয়াজান ক’ভিড কেয়াৰ চেন্টাৰ । ইতিমধ্যে টেঙাখাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়খনতো ৫০ খন বিছনাযুক্তৰে ক’ভিড কেয়াৰ চেন্টাৰ ৰূপে সাজু কৰি তুলিছে ।