কেৱল শৰীৰতে নহয়, মানসিক স্বাস্থ্যত বেয়াকৈ প্ৰভাৱ পেলাইছে ক’ৰোনাই; ৪৩ শতাংশ ভাৰতীয় হৈছে চিকাৰ
নিয়মীয়া বাৰ্তা,২৮ জুলাই: শেহতীয়াকৈ এক অধ্যয়ণত পোহৰলৈ আহিছে যে ক’ৰোনা মহামাৰীয়ে কেৱল শৰীৰতে নহয় মানসিক স্বাস্থ্যতো বেয়াকৈ প্ৰভাৱ পেলাইছে । বিগত পাঁচ মাহ ভাৰতীয় লোকসকলৰ অনাকাংক্ষিতভাৱে পাৰ কৰিবলগীয়া হৈছে । এনে সময়ত মানসিক স্বাস্থ্যত গুৰুত্বৰভাৱে প্ৰভাৱ পৰা দেখা গৈছে । বহুসময়ত লকডাউন, কৰ্মহীনতা, স্বাস্থ্য সম্বন্ধীয় ভয় আৰু অনিশ্চিত পৰিৱেশৰ বাবে জনসাধাৰণ চিন্তিত হৈ পৰা দেখা গৈছে ।
ইপিনে অধ্যয়ণটোত কোৱা গৈছে যে বহু সময়ধৰি এনে চিন্তাই অৱসাদৰ ৰূপ লৈছে । দেশত চলি থকা লকডাউন আৰু জীৱনশৈলীত সালসলনি হোৱাৰ বাবে ৪৩ শতাংশ লোক বৰ্তমান অৱসাদগ্ৰস্ত হৈছে আৰু ইয়াৰ সৈতে যুঁজি আছে ।