গড়কাপ্তানীৰ আধৰুৱা কাম সম্পূর্ণ কৰাৰ নির্দেশ
নিয়মীয়া বাৰ্তা,২৯ জুলাই: ক’ৰোনা–লকডাউনৰ বাবে স্তব্ধ হৈ পৰিছে ৰাজ্যৰ উন্নয়ন৷ যোৱা মার্চ মাহৰ পৰাই ক’ৰোনাৰ সংক্রমণ ৰোধৰ বাবে চৰকাৰে গ্রহণ কৰা বিভিন্ন পদক্ষেপ আৰু পৰৱর্তী পর্যায়ত দিয়া লকডাউনৰ পৰিপ্রেক্ষিতত ৰাজ্যখনত উন্নয়নমূলক কাম–কাজৰ ধাৰা থমকি ৰৈছে৷ যোৱা প্রায় ৫টা মাহত ৰাজ্যৰ উন্নয়ন স্থবিৰ হৈ পৰাৰ পৰিপ্রেক্ষিতত এতিয়া ক’ৰোনা যুঁজৰ সমান্তৰালভাৱে স্বাস্থ্য বিভাগে নির্ধাৰণ কৰি দিয়া নীতি–নিয়ম অনুসৰণ কৰি উন্নয়নমূলক কাম–কাজ আৰম্ভ কৰিব ওলাইছে ৰাজ্য চৰকাৰে৷ ইয়াৰ অংশ হিচাপে ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা,গড়কাপ্তানী বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি গড়কাপ্তানী বিভাগৰ কাম–কাজ গতিশীল কৰাৰ বাবে এখন বৈঠকত মিলিত হয়৷ জনতা ভৱনত এক ভিডি’ কনফাৰেঞ্চযোগে মন্ত্রী ড০ শর্মাই গড়কাপ্তানী বিভাগৰ সকলো কার্যবাহী অভিযন্তা আৰু বিভাগটোৰ আমোলা–বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠক অনুষ্ঠিত কৰে৷
উক্ত পর্যালোচনা বৈঠকত মন্ত্রী ড০ শর্মাই অসমাপ্ত প্রকল্পসমূহৰ পর্যালোচনা কৰাৰ লগতে সাম্প্রতিক পৰিস্থিতিত কাম–কাজবোৰ কেনেদৰে গতিশীল কৰিব, সেই বিষয়ে আলোচনা কৰে৷ কাৰণ ক’ৰোনা মহামাৰী আৰু ধাৰাবাহিক লকডাউনৰ পৰিপ্রেক্ষিতত বিভাগটোত বহু প্রকল্পৰ কাম–কাজ আধৰুৱা হৈ আছে৷ জানিব পৰা মতে, সেই বৈঠকতে বিভাগটোৱে স্বাস্থ্য বিভাগৰ সকলো নীতি–নির্দেশনা মানি সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখি, মাস্ক পৰিধান কৰি আধৰুৱা প্রকল্পৰ কাম–কাজসমূহ ক্ষিপ্রতাৰে ৰূপায়ণত মনোনিৱেশ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷