নিয়মীয়া বাৰ্তা,২৯ জুলাই: দেশত ভয়াৱহ ৰূপত বৃদ্ধি পাই আছে ক’ভিড–১৯ৰ সংক্রমণ৷ মহামাৰী ভাইৰাছটোৰ সংক্রমণ ৰাজ্যসমূহৰ চহৰৰ পৰা গ্রামাঞ্চললৈ সম্প্রসাৰিত হৈ থকাত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা দ্রুতগতিত বর্ধিত হৈছে৷ বিগত দুদিনৰ ভিতৰত দেশজুৰি প্রায় এক লাখ লোক ক’ৰোনা পজিটিভ হৈছে৷ কালি ৪৭ সহস্রাধিক লোক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পিছত মুঠ আক্রান্তৰ সংখ্যা ১৪ লাখ অতিক্রম কৰিছে৷ আজি নিশা ১০.৩০ বজাত বাতৰি যুগুতোৱাৰ পৰলৈকে ৪৭ সহস্রাধিক লোক ক’ভিড–১৯ত নতুনকৈ আক্রান্ত হোৱাত দেশত আক্রান্তৰ সংখ্যা ১৫.২৯ লাখ অতিক্রম কৰিছে৷ ইপিনে ৭৬৯জন লোকৰ মৃত্যু ঘটাত মুঠ মৃতকৰ সংখ্যা ৩৪,২২৩লৈ বৃদ্ধি পাইছে৷
উল্লেখ্য যে দেশৰ ভিতৰত সর্বাধিক আক্রান্ত আৰু মৃতকৰ তালিকাত শীর্ষস্থানত থকা মহাৰাষ্ট্রত কালি পূর্বৰ তুলনাত আক্রান্তৰ সংখ্যা কিছু হ্রাস পালেও অন্ধ্রপ্রদেশ, তামিলনাডু, কর্ণাটক আদি ৰাজ্যত দ্রুতগতিত আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ দেশৰ প্রতিখন ৰাজ্যতেই আক্রান্তৰ সংখ্যা বর্ধিত হৈ থকাত পৰিস্থিতি জটিলৰ পৰা জটিলতাৰ দিশলৈ গতি কৰিছে৷ লক্ষণীয় যে দেশীয়ভাৱে বিকশিত বিবিভি১৫২ ক’ভিড–১৯ ভেকচিন তথা ক’ভাক্সিন আজি ওড়িশাৰ ইনষ্টিটিউট অৱ মেডিকেল ছায়েঞ্চ আৰু এছএমইউ হাস্পতালত মানৱ শৰীৰৰ দেহত পৰীক্ষণ আৰম্ভ কৰা হৈছে৷ ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছার্চ (আইচিএমআৰ)–এ দেশৰ নির্বাচন কৰা ১২টা স্থানৰ ভিতৰত অন্যতম ওড়িশাত আজি প্রথম পর্যায়ৰ মানৱ শৰীৰত ক’ভাক্সিন পৰীক্ষণ আৰম্ভ কৰা হয়৷ ক’ভাক্সিন প্রয়োগ কৰা ব্যক্তিকেইজন সম্পূর্ণ সুস্থ হৈ থকা বুলি উল্লেখ কৰি চিকিৎসকে তেওঁলোকক সম্পূর্ণ নিৰীক্ষণৰ মাজত ৰখা হৈছে বুলি প্রকাশ কৰিছে৷ এই পৰীক্ষণ প্রক্রিয়াৰ মুখ্য বিষয়া ই ভেংকট ৰয়ে প্রকাশ কৰা মতে ক’ভাক্সিন প্রয়োগ কৰা ব্যক্তিকেইজনৰ দেহত ১৪ দিনৰ পিছত পুনৰ দুটা ড’জ প্রয়োগ কৰা হ’ব৷
ভাৰত বায়’টেকৰ দ্বাৰা বিকশিত ক’ভাক্সিনৰ মানৱ শৰীৰত পৰীক্ষণ ইতিমধ্যে নতুন দিল্লীৰ এইম্ছত চলি আছে৷ আনপিনে বিশ্বজুৰি মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ মাত্রা হ্রাস হোৱাৰ ইংগিত পৰিলক্ষিত হোৱা নাই৷ প্রতিদিনেই আক্রান্তৰ সংখ্যা বৃদ্ধি হৈ আছে৷ ২১৩খন দেশত প্রতিদিনে মুঠ লক্ষাধিক লোক আক্রান্ত হৈ আছে৷ বিশ্বৰ সর্বাধিক আক্রান্ত আৰু মৃতকৰ তালিকাৰ শীর্ষস্থানত থকা আমেৰিকা যুক্তৰাষ্ট্রৰ আক্রান্তৰ সংখ্যা ৪৪.৩৬ লাখ অতিক্রম কৰাৰ বিপৰীতে মৃতকৰ সংখ্যা ১.৫০ লক্ষাধিক৷ আনহাতে দ্বিতীয় স্থানত থকা ব্রাজিলত আক্রান্তৰ সংখ্যা ২৪.৪৭ লক্ষাধিক আৰু মৃতকৰ সংখ্যা প্রায় ৮৮ হাজাৰ৷ বিশ্বব্যাপী আক্রান্তৰ সংখ্যা ১.৬৮ কোটিৰ অধিক হোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা ৬.৫৮ লাখ৷