নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রীয় চৰকাৰৰ সময়সীমাৰ পূৰ্বেই প্রিয়াংকা গান্ধীয়ে এৰিলে চৰকাৰী বাংলো

নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই বৃহস্পতিবাৰে দিল্লীস্থিত লোধী ষ্টেট অঞ্চলত থকা নিজৰ চৰকাৰী আৱাস খালী কৰিছে । কেন্দ্ৰীয় চৰকাৰে তেওঁক এক জাননী যোগে ১ আগষ্টৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ দিছিল যদিও নিৰ্ধাৰিত সময়ৰ পূৰ্বেই তেওঁ সেই চৰকাৰী আৱাস ত্যাগ কৰে ।

সংবাদ সংস্থা পিটিআইত প্ৰকাশিত খবৰ মতে, প্ৰিয়ংকাই মধ্য দিল্লীৰ নিজা গৃহলৈ যোৱাৰ পূৰ্বে কিছুদিন গূড়গাঁৱৰ পেণ্টহাউচতে থাকিব ।

You might also like