নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিলাপথাৰৰ বান বিধ্বস্ত অঞ্চলত সদৌ অসম বাঙালি যুব-ছাত্ৰ ফেডাৰেছনৰ খাদ্য সামগ্ৰী বিতৰণ

নিয়মীয়া বাৰ্তা, ৩০ জুলাই :– ধেমাজি জিলাৰ চিমেন নদীৰ বানে তচনচ কৰিলে চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত শ শ পৰিয়ালৰ সপোন। নষ্ট কৰিলে খেতিপথাৰ, ঘৰ দুৱাৰ। আজি সদৌ অসম বাঙালি যুব-ছাত্ৰ ফেডাৰেছনৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত চিমেন নদীয়ে বিধস্ত কৰা চিলাপথাৰ অঞ্চলৰ আনন্দ নগৰ, সাতঘৰী গাঁৱৰ ৫১ টা পৰিয়ালক চাউল , দালি, মিঠাতেল, আলু, পিয়াজ, চাবোন আদি খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰা হয় ।

দুৰ্যোগৰ সময়ত কিছু সকাহ হোৱাকৈ বানাক্ৰান্তক খাদ্যসামগ্ৰী বিতৰণৰ সময়ত ফেডাৰেছনৰ জিলা সমিতিৰ উপদেষ্ঠা মুনীন্দ্ৰ ৰাজবংশী আৰু ধনঞ্জয় দেৱনাথ, কাৰ্যকৰী সভাপতি কানন দেৱনাথ, উপ-সভাপতি দীপক সৰকাৰ, সাধাৰণ সম্পাদক সঞ্জয় ৰয়ৰ লগতে মাজৰবাৰী, ছেঙাজান, আনন্দনগৰ, কাকোবাৰী আদি আঞ্চলিক সমিতিৰ সদস্যসকল উপস্থিত থাকে।

You might also like