নিয়মীয়া বাৰ্তা ১ আগষ্ট : নগাওঁ জিলাৰ বান পৰিস্থিতি ক্ৰমশঃ উন্নত হৈছে যদিও এতিয়াও কেইবাহাজাৰ লোক বানৰ কৱলৰ পৰা পৰিত্ৰাণ পোৱা নাই। আজি তাৰিখত জিলাখনত ৭টা ৰাজহ চক্ৰৰ ১০৭ খন গাঁও বানৰ কৱলত আছে। জিলা প্ৰশাসনে দিয়া তথ্য অনুসৰি আজিৰ দিনটোত ২৯,২০৪ গৰাকী লোক ক্ষতিগ্ৰস্তৰ তালিকাত আছে। জিলাখনৰ বান পীড়িত লোকক উপযুক্ত সাহাৰ্য্য নিদিয়াৰ অভিযোগ কৰিছে সদৌ নগাওঁ জিলা ছাত্র সন্থাই। আজি জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক অমৰ জ্যোতি ফুকনে সংবাদ মাধ্যমৰ আগত কয়, ‘এইবাৰৰ বানত জিলাখনৰ ৭টা ৰাজহ চক্ৰৰ ডেৰ শতাধিকৰো অধিক গাঁও বানৰ কৱলত পৰিছে। ১৫ হাজাৰৰো অধিক হেক্টৰ কৃষি ভূমি বানত ক্ষতিগ্ৰস্ত হৈছে। জিলাখনৰ হাজাৰ হাজাৰ লোক বানত আক্রান্ত হৈছে যদিও বানপীড়িত সকলক জিলা প্ৰশাসনে উপযুক্ত সাহাৰ্য্য প্ৰদান কৰা নাই। জিলা ছাত্ৰাসন্থাৰ এটা প্ৰতিনিধি দলে বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ সময়ত অধিকাংশ বানাক্ৰান্তই উপযুক্ত সাহাৰ্য্য নোপোৱাৰ অভিযোগ প্ৰতিনিধি দলটোক কৰাৰ কথা উল্লেখ কৰি সাধাৰণ সম্পাদক গৰাকীয়ে কয় জিলা প্ৰশাসনে নাম মাত্ৰ সাহাৰ্য্য দিয়েই দায়িত্ব পালন কৰিছে। বানত আক্রান্ত শিশু সকলকো শিশু খাদ্য বিতৰণ কৰা হোৱা নাই।’ জিলা ছাত্ৰ সন্থাই বানাক্ৰান্ত সকলক উপযুক্ত বান সাহাৰ্য্য দিয়াৰ লগতে শীঘ্ৰে বানাক্ৰান্ত সকলক ক্ষতিপূৰণ আদায় দিবলৈ দাবী জনায়। লগতে বানাক্ৰান্ত কৃষক সকলক কঠীয়া বীজ আদি যোগান ধৰিবলৈও দাবী জনায়। ইপিনে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নগাওঁ জিলা সমিতিৰ সভাপতি ভবেন বৰা আৰু সাধাৰণ সম্পাদক বুদ্ধেশ্বৰ দাসে জিলাখনৰ বানাক্ৰান্ত সকলক জিলা প্ৰশাসনে উপযুক্ত সাহাৰ্য্য নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে। পৰিষদে জিলাখনৰ বানাক্ৰান্ত সকলক চলিত বৰ্ষৰ খাজানা ৰেহাই দিবলৈ দাবী জনাইছে। ইপিনে জিলাখনৰ কলিয়াবৰৰ বৰঘুলি, ভুৰবন্ধা, ৰবৰবাৰী আদি অঞ্চলত আজিও খহনীয়া অব্যাহত আছে। খহনীয়া অব্যাহত থকাৰ ফলত এই অঞ্চলকেইটাৰ বহু হেক্টৰ মাটি ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ লগতে বহুকেইটা ধৰ্মীয় অনুষ্ঠান, শিক্ষানুষ্ঠান আদি জাহ গৈছে। স্থানীয় ৰাইজে এই অঞ্চলৰ খহনীয়াৰ স্থায়ী সমাধান কৰিবলৈ চৰকাৰক দাবী জনাইছে। আনহাতে জিলাখনৰ শিলঘাটত ব্ৰহ্মপুত্ৰ নদী বিপদ সীমাৰ তলেৰে বৈ আছে যদিও কালিৰ তুলনাত আজি জলস্তৰ বৃদ্ধি হৈছে। ইপিনে নগাওঁ চহৰত কলং নদীৰ জলস্তৰ হ্ৰাস পাইছে যদিও আজি জলসম্পদ বিভাগে দিয়া তথ্য অনুসৰি কলং নৈ বিপদসীমাৰ ২৩ ছেন্টিমিটাৰ ওপৰেৰে বৈ আছে।