নাহৰকটীয়াত ৰাজ্যিক বিজেপিৰ যুৱ নেতা তৰংগ গগৈৰ নেতৃত্বত আঢ়ৈ শতাধিক কংগ্ৰেছ সমৰ্থকে আঁৰিলে গেৰুৱা বসন
নিয়মীয়া বাৰ্তা, ২ আগষ্টঃ ভাৰতীয় জনতা পাৰ্টীৰ নীতি আৰু আদৰ্শৰ প্ৰতি আনুগত্য প্রকাশেৰে শেহতীয়াকৈ গেৰুৱা দলটোত যোগদান কৰিছে নাহৰকটীয়া সমষ্টিৰ প্ৰায় আঢ়ৈ শতাধিক কংগ্ৰেছ সমৰ্থকে।
বিজেপিৰ যুৱ মৰ্চাৰ উপসভাপতি তথা নাহৰকটীয়া সমষ্টিৰ যুৱ নেতা তৰংগ গগৈৰ নেতৃত্বত অনুষ্ঠিত দলীয় সভাত সমষ্টিৰ কংগ্ৰেছ দলটোত আঘাত হানি এইসকল সদস্যই দলে বলে বিজেপিত যোগদান কৰে ।
শেহতীয়াকৈ নাহৰকটীয়া সমষ্টিৰ শান্তিপুৰ পঞ্চায়তৰ অন্তৰ্গত মিলনপুৰ আৰু তিনিকুৰীয়া গাঁওত পৃথকভাৱে অনুষ্ঠিত দলীয় সভাত বিজেপিৰ জয়পুৰ মণ্ডলৰ সভাপতি মৃদুল কলিতা, জিলা সম্পাদক নিতু সোনোৱাল, শান্তিপুৰ পঞ্চায়তৰ সভাপতি ৰজনী বৰগোঁহাই, মণ্ডল সাধাৰণ সম্পাদক প্ৰশান্ত গগৈ, চাহ মৰ্চাৰ সভাপতি যুগল তাঁতী, মণ্ডল উপ সভাপতি বিজয় বৰগোঁহাই, বুথ সভাপতি নৱকান্ত চেতিয়া, জিলা পৰিষদৰ প্ৰাক্তন সদস্যা ৰুণু আৰান্ধৰা আৰু শান্তিপুৰ পঞ্চায়তৰ ৱাৰ্ড সদস্যকে ধৰি বিজেপিৰ বহু সংখ্যক নেতা-কাৰ্য্যকৰ্তা উপস্থিত থাকে ।
সভাত যুৱ নেতা তৰংগ গগৈয়ে দলীয় অৰ্ন্তনিহিত নীতি আদৰ্শ, পৰম্পৰা আদিৰ বিষয়ে অৱগত কৰাৰ লগতে চৰকাৰৰ বহু জনকল্যাণ মূলক আঁচনি সম্পৰ্কত আৰু এই সমূহৰ পৰা কিদৰে লাভান্বিত হব পাৰে তাৰ বিষয়েও তথ্যসহ আলোকপাত কৰে । একেদৰে এই সভাত নৱাগত সকলেও আগন্তুক দিনত বিজেপি দলটোক অধিক শক্তিশালী ৰূপত আগুৱাই নিয়াৰ বাবে অংগীকাৰবদ্ধ হয় ।