নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড আক্রান্ত চিকিৎসকৰ তৎপৰতাত প্রসূতিৰ সন্তান জন্ম

নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ ক’ভিড ৱার্ডৰ বিছনাতে আজি পুৱা ৫ বজাত এগৰাকী প্রসূতিয়ে এটি কন্যা সন্তান প্রসৱ কৰা ঘটনাই যথেষ্ট চর্চাৰ সৃষ্টি কৰিছে৷ ৰক্তহীনতাত ভুগি থকা ক’ৰোনা আক্রান্ত প্রসূতিগৰাকীয়ে এটি সুস্থ কন্যা সন্তান জন্ম দিয়া ঘটনাই চিকিৎসালয়খনৰ চিকিৎসক, নার্ছকো সকাহ দিছে উল্লেখ্য যে বিশ্বনাথ জিলাৰ ডিকৰাই অঞ্চলৰ প্রিয়া গোৱালা (২২) নামৰ মহিলাগৰাকী মুম্বাইৰ পৰা আহি বিশ্বনাথ চাৰিআলিত কোৱাৰেণ্টাইন হৈ থকাৰ সময়তে ক’ৰোনা পজিটিভ ৰূপে চিনাক্ত হয়৷ যাৰ বাবে মহিলাগৰাকীক বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ৰ ক’ভিড কেয়াৰ ইউনিটত ভর্তি কৰোৱা হয়৷ আজি পুৱতিনিশাৰ পৰাই গর্ভৱতী মহিলাগৰাকীৰ প্রসৱ বেদনা আৰম্ভ হয় যদিও কোনো চিকিৎসক অথবা চিকিৎসা কর্মী নথকাত প্রসূতিগৰাকীক বিশেষ কক্ষলৈ নিয়াত সমস্যাৰ সৃষ্টি হয়৷ প্রসৱ বেদনাত চটফটাই থকা মহিলাগৰাকীয়ে ক’ভিড ৱার্ডৰ বিছনাতে এটি কন্যা সন্তান প্রসৱ কৰে৷ ইফালে, সন্তানটি জন্ম দিয়াৰ পাছতে মহিলাগৰাকীৰ শাৰীৰিক অৱস্থা অধিক বেয়াৰ ফাললৈ ঢ়াল খায়৷ এনে অৱস্থাত মহিলাগৰাকীৰ একেটা ৱার্ডতে ক’ৰোনা আক্রান্ত হৈ চিকিৎসাধীন হৈ থকা চিকিৎসক ডাঃ নৃপেন শইকীয়াই নিজস্ব তৎপৰতাৰে প্রসূতিগৰাকীক সুস্থ কৰি তোলে৷ বর্তমান মাতৃ–কন্যা সুস্থ অৱস্থাত আছে৷ মহিলাগৰাকীক এনেদৰে চিকিৎসা আগবঢ়োৱাৰ বাবে ডাঃ নৃপেন শইকীয়াৰ ভূমিকাক শলাগ লৈছে স্থানীয় ৰাইজে৷ প্রসূতিগৰাকীৰ স্বামীয়েও বিশ্বনাথ চাৰিআলিৰ চৰকাৰী কোৱাৰেণ্টাইন চেণ্টাৰত আছে৷

You might also like