নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনিয়মৰ বাবে পূর্বে ব্লেকলিষ্টেড হৈছিল জলসিঞ্চনৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰা এপটেক

নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ জলসিঞ্চন বিভাগৰ ৬ শতাধিক পদৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ ঠিকা লাভ কৰা মুম্বাইৰ বহু বিতর্কিত প্রতিষ্ঠান ‘এপটেক’ৰ আচল স্বৰূপ উন্মোচিত হৈছে ন্যায়ালয়ৰ মজিয়াত৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত শপতনামা দি এপটেকে স্বীকাৰ কৰি লৈছে যে পূর্বে কৰা গাফিলতিৰ বাবে তেওঁলোকক ব্লেকলিষ্টেড ঘোষণা কৰা হৈছিল৷ এপটেকৰ এই স্বীকাৰোক্তিৰ পাছতে অসমত নিযুক্তি পৰীক্ষাৰ নামত চলি থকা ভেঁকো–ভাওনাখন জনচক্ষুৰ সন্মুখত উন্মোচিত হৈ পৰিছে৷

উল্লেখ্য যে জলসিঞ্চন বিভাগৰ মুঠ ৬৪৩টা পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ ঠিকা প্রদান কৰা হৈছিল এপটেক নামৰ বহিৰাগত প্রতিষ্ঠানটোক৷ ইয়াৰ পাছতে এপটেকৰ নাম লৈ ৰাজ্যত আৰম্ভ হয় এখন নিযুক্তিৰ বজাৰ৷ নিযুক্তিৰ নামত ধন সংগ্রহ চলি থকাৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্রকাশ পাই থকাৰ মাজতে যোৱা ২ ফেব্রুৱাৰীত এপটেকে প্রথম পর্যায়ত ৩৯৭টা পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰে৷ ইতিমধ্যে ব্লেকলিষ্টেড কোম্পানীটোক নিযুক্তি পৰীক্ষাৰ ঠিকা প্রদানৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল কেইগৰাকীমান প্রার্থী৷ তাৰ পাছতো জলসিঞ্চন মন্ত্রী ভৱেশ কলিতাই এপটেকৰ হৈ ওকালতি কৰি যায় আৰু নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সেউজ সংকেত প্রদান কৰে৷ কিন্তু ২ ফেব্রুৱাৰীত পৰীক্ষা অনুষ্ঠিত হোৱাৰ দিনটোতে ৰাজ্যজুৰি অৰাজক পৰিস্থিতি সৃষ্টি হয়৷ পৰীক্ষা চলি থকাৰ সমান্তৰালভাৱে প্রশ্ণকাকতো ছ’চিয়েল মিডিয়াযোগে ৰাজহুৱা হৈ পৰে৷ এই ঘটনাক লৈ ৰাজ্যত তীব্র প্রতিক্রিয়া সৃষ্টি হোৱাত ৰাজ্য চৰকাৰে উক্ত ঘটনাৰ তদন্ত ঘোষণা কৰে৷ তদন্ত ঘোষণা হোৱাৰ ছমাহ উকলি গ’ল৷ নিযুক্তি পৰীক্ষাৰ অনিয়মৰ বিষয়টো ৰাইজে ক্রমাৎ পাহৰিবলৈ লোৱা বুলি ভাবি জলসিঞ্চন মন্ত্রীগৰাকীয়ে ফলাফল ঘোষণাৰ যো–জা চলায়৷ কিন্তু ইয়াৰ পূর্বেই এপটেকৰ ফোঁপোলা স্বৰূপটোও ওলাই পৰে৷

‘নিয়মীয়া বার্তা’ত সবিস্তাৰে প্রকাশ পায় যে মুম্বাইৰ পৰা অহা ‘এপটেক’ নামৰ প্রতিষ্ঠানটোৰ অসমত কোনো আন্তঃগাঁথনিয়ে নাই যে তেওঁলোকে নিখুঁত ফলাফল ঘোষণা কৰিব পাৰিব৷ একে সময়তে উত্তৰ প্রদেশত শক্তি বিভাগৰ ২,৮৪৯টা পদৰ নিযুক্তিত এপটেকে সংঘটিত কৰা চৰম বিশৃংখলতাৰ খবৰো পোহৰলৈ আহে৷ যাৰ বাবে উত্তৰ প্রদেশৰ যোগী আদিত্যনাথ চৰকাৰে এপটেকক ব্লেকলিষ্টেড ঘোষণা কৰিছিল৷ কোম্পানীটোৰ ক’লা অধ্যায় ফাদিল হোৱাৰ পাছত উচ্চ ন্যায়ালয়েও পোনপটীয়াকৈ এপটেকৰ পৰাই জানিব বিচাৰে যে তেওঁলোকক পূর্বতে ব্লেকলিষ্টেড ঘোষণা কৰা হৈছিল নে নাই৷ ইয়াৰ উত্তৰত এপটেকে শপতনামাযোগে ন্যায়ালয়ত স্বীকাৰ কৰি কয় যে তেওঁলোকক ইয়াৰ পূর্বে ব্লেকলিষ্টেড ঘোষণা কৰা হৈছিল৷ আনকি জলসিঞ্চন বিভাগৰ অধিবক্তাই ন্যায়ালয়ৰ মজিয়াত এটা অজুহাত দিয়াৰ চেষ্টা কৰে যে ব্লেকলিষ্টেড হোৱাৰ পাছতো এপটেকক আন বহুকেইটা বিভাগে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিছিল৷ খোদ উচ্চ ন্যায়ালয়ত এপটেক আৰু জলসিঞ্চন বিভাগে দিয়া স্বীকাৰোক্তিৰ পৰাই ওলাই পৰে যে আচলতে ৰাজ্যখনত কিমান পালমৰা আৰু ন্যস্ত স্বার্থজড়িত প্রক্রিয়াৰে নিযুক্তি পৰীক্ষাসমূহ অনুষ্ঠিত হৈ আছে৷ এপটেক আৰু জলসিঞ্চন বিভাগৰ উত্তৰ শুনাৰ পাছত ন্যায়ালয়ে এটা ব্লেকলিষ্টেড কোম্পানীয়ে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাক জনসাধাৰণে কিমানদূৰ বিশ্বাসত ল’ব, তাক লৈ প্রশ্ণ উত্থাপন কৰে৷ এই গোচৰৰ পৰৱর্তী শুনানিৰ দিন অহা ১০ আগষ্ট নির্ধাৰণ কৰা হৈছে৷

লক্ষণীয় বিষয়টো হ’ল– এপটেকে ন্যায়ালয়ৰ মজিয়াত তেওঁলোকৰ কলংকিত কাহিনী স্বীকাৰ কৰি লোৱাৰ পাছতো জলসিঞ্চন বিভাগে তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলাই আছে৷ ইয়াৰ মূলতে হ’ল নিযুক্তিৰ নামত বহা বজাৰখন৷ বিভাগটোত নিযুক্তিৰ নামত ৮–৯ লাখ টকা পর্যন্ত একোজন প্রার্থীৰ পৰা সংগ্রহ কৰাৰ অভিযোগ পূর্বে উত্থাপন হৈছিল৷ সেইমতে ফলাফলৰ তালিকাও প্রস্তুত কৰা হৈছিল৷ কিন্তু ফলাফল ঘোষণাৰ ঠিক পূর্বে ‘নিয়মীয়া বার্তা’ত ইয়াৰ আঁৰৰ সবিশেষ কাহিনী প্রকাশ পোৱাত সমগ্র প্রক্রিয়াটো স্থবিৰ হৈ পৰে৷ এতিয়া ন্যায়ালয়ৰ মজিয়াত ব্লেকলিষ্টেড কোম্পানী এটাক নিযুক্তি পৰীক্ষাৰ ঠিকা দিয়াৰ ঘটনা উন্মোচিত হোৱাৰ পাছত জলসিঞ্চনৰ সমগ্র নিযুক্তি প্রক্রিয়া অনিশ্চয়তাৰ মাজত সোমাই পৰিছে৷

You might also like