‘কাহানী ঘৰ ঘৰ কী’ৰ অভিনেতা সমীৰ শৰ্মাৰ আত্মহত্যা
নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ অভিনয় জগতৰ আৰু এগৰাকী প্ৰতিভাৱান অভিনেতাই কৰিলে আত্মহত্যা। প্ৰখ্যাত চিৰিয়েল ‘কাহানী ঘৰ ঘৰ কী’ৰ খ্যাতিমান অভিনেতা সমীৰ শৰ্মাৰ মৃতদেহ আজি মুম্বাইস্থিত নিজ ভাৰাঘৰত চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়।
৪৪ বছৰীয়া সমীৰ শৰ্মা দক্ষিণ মুম্বাইৰ মলাড অঞ্চলত বাস কৰিছিল। আৰক্ষী সূত্ৰ অনুসৰি, সমীৰ শৰ্মাৰ মৃত্যু ২-৩ দিন আগতে হৈছে, কিয়নো তেওঁৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰালৈ নষ্ট হ’বলৈ আৰম্ভ কৰিছল।
এইবছৰৰ ফেব্ৰুৱাৰী মাহত সমীৰ শৰ্মাই মলাডত ঘৰটো ভাৰাত লৈছিল। কালি নিশা কৰ্তব্যত থকা এগৰাকী চকীদাৰে সমীৰ শৰ্মাক ওলমি থকা প্ৰত্যক্ষ কৰে আৰু ততালিতে আৰক্ষীক খবৰ দিয়ে। জানিব পৰা মতে, কোনোধৰণৰ আত্মহত্যাৰ নথিপত্ৰ কোঠাত উদ্ধাৰ হোৱা নাই।
সমীৰ শৰ্মা কোন
সমীৰ শৰ্মাই দূৰদৰ্শনৰ ভালেকইখন চিৰিয়েলত অভিনয় কৰিছিল। কাহানী ঘৰ ঘৰ কী, য়ো ৰিষ্টে হ্যে পিয়াৰ কে, লেফ্ট ৰাইট লেফ্ট, জ্যোতি, গীত হুৱে সবসে পৰাই, ২৬১২, দিল কিয়া চাহতা হ্যে, বীৰানগলী, ও ৰহনে বালি মহলো কি, আয়ুস্মান ভৱ, একবাৰ ফিৰ আদি বিভিন্ন চিৰিয়েলত অভিনয় কৰিছিল। বৰ্তমান তেওঁ ‘য়ে ৰিষ্টে হ্যে পিয়াৰ কে’ৰ শৌৰ্য মহেশ্বৰীৰ চৰিত্ৰত অভিনয় কৰি আছিল।
দিল্লী নিৱাসী সমীৰ শৰ্মাই পঢ়া-শুনা কৰি মুম্বাইলৈ আহিছিল অভিনয় জগতত কাম কৰাৰ উদ্দেশ্যে, এই আশা তেওঁৰ পূৰণো হৈছিল। কিন্তু কি কাৰণত আত্মহত্যাৰ পথ বাছি ল’লে তাক বাতৰি লিখাৰ পৰলৈ জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্তৰ দিশে আগবাঢ়িছে।