চিৰাঙৰ চিদলীত পথ দুৰ্ঘটনাত এজন নিহত
নিয়মীয়া বাৰ্তা, ৬ আগষ্ট: চিৰাং জিলাৰ চিদলীত সংঘটিত এক পথ দুৰ্ঘটনাত এজন ট্ৰাক চালকৰ ঘটনাস্থলীতে মৃত্যু হয়। যোৱা নিশা প্ৰায় ১০-৩০ বজাত চিদলীৰ ৩১ ‘গ’ নম্বৰ ৰাষ্ট্ৰীয় পথৰ ওপৰত থকা বক্ৰ নদীৰ দলঙৰ ওচৰত ৰখাই থোৱা ভূটানৰ BP-2-B0713 নম্বৰ ডাম্পাৰত তীব্ৰ বেগী NL01-K-6070 ট্ৰাক খনত পিছফালৰ পৰা খুন্দা মাৰে। ফলত ট্ৰাকখনৰ চালক জনৰ ঘটনাস্থলীতে মৃত্যু হয় । দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰেই চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঘটনাস্থলত উপস্থিত হৈ জেচিবিৰ সহায়ত ট্ৰাক আৰু ডাম্পাৰ খন মূল পথৰ পৰা আতৰাই নিহত চালক জনৰ মৃতদেহ উদ্ধাৰ কৰে। সহ চালক বিহীন ট্ৰাক খনৰ নিহিত চালক জনৰ লগত থকা অনুজ্ঞা পত্ৰত উল্লেখ থকা গুৰচৰণ সিং এজন পঞ্চাশোৰ্ধৰ ব্যক্তি হোৱাৰ বিপৰীতে নিহত চালক জনৰ বয়স ২৮ বছৰ মানহে হ’ব বুলি আৰক্ষী নিশ্চিত হয়।
পাছত অনুসন্ধান কৰি আৰক্ষী নিশ্চিত হয় যে পঞ্জাৱৰ মোগা জিলাৰ ভগত সিং নগৰৰ বাসিন্দা গুৰচৰণ সিং(৫১)ৰ পুত্ৰ পৰমবীৰ সিং (২৮) চালকৰ আসনত বহি ৰাজস্থানৰ পৰা সাৰ জাতীয় সামগ্ৰী ভৰ্তি ট্ৰাক খন লৈ গুৱাহাটী অভিমুখে আহাৰ বাটত যোৱা নিশা দুৰ্ঘটনাত পতিত হৈ মৃত্যু মুখত পৰে। চিদলী আৰক্ষীয়ে নিহত যুৱক জনৰ পিতৃৰ সৈতে ফোনত যোগাযোগ কৰি নিহত জনৰ প্ৰকৃত পৰিচয় উদ্ধাৰ কৰে। উল্লেখ্য যে ভূটানৰ পৰা চিমেন্ট তৈয়াৰত ব্যৱহৃত সামগ্ৰী কঢ়িয়াই অনা ডাম্পাৰ খন চিদলীৰ ৩১’গ’ নম্বৰ ৰাষ্ট্ৰীয় পথৰ ওপৰত যান্ত্ৰিক বিজুতিৰ ফলত দুপৰীয়াৰ পৰা ৰখাই থয়। চিদলী থানাত নাইবা স্থানীয় প্ৰসাশনক ডাম্পাৰ খন মূল পথৰ ওপৰত যান্ত্ৰিক বিজুতিৰ ফলত ৰখাই থোৱা বিষয়টো অৱগত নকৰোৱাকৈ স্থানীয় তিনিজন অজ্ঞাত লোকক তিনি হেজাৰ টকাৰ বিনিময়ত ডাম্পাৰ খনৰ দায়িত্ব অৰ্পণ কৰি দুৱাৰত তলা গলাই ডাম্পাৰৰ পিছৰ চকা খুলি লৈ ভূটীয়া চালক তথা গাড়ীত থকা অন্য লোক সকল অজ্ঞাত স্থানলৈ আতৰি যায়। যাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় ।
চিদলী আৰক্ষীয়ে বৰ্তমানলৈ ভূটানৰ ডাম্পাৰ খনৰ গৰাকী নাইবা চালকৰ কোনো সন্ধান লাভ কৰা নাই । চিদলী আৰক্ষীয়ে তিনি হেজাৰ টকাৰ বিনিময়তডাম্পাৰ খনৰ সুৰক্ষাৰ দায়িত্ব গ্ৰহণ কৰা ব্যক্তি তিনিজনৰ সন্ধানত অনুসন্ধান আৰম্ভ কৰিছে । দুৰ্ঘটনাত নিহত যুৱ চালক জনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত পৰিয়ালক গতাই দিয়াৰ বাবেও চিদলী আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে ।