অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ ভূমি পূজনৰ উপলক্ষে চিমেন চাপৰিত বন্তি প্ৰজ্বনল কাৰ্যসূচী ৰূপায়ণ বিজেপি যুৱ মৰ্চাৰ
নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ পাঁচ হাজাৰ বছৰৰ প্ৰতীক্ষাৰ পিছত কালি অযোধ্যাত প্ৰধানমন্ত্ৰীলৈ নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহনেৰে ৰাম মন্দিৰ নিৰ্মাণৰ ভূমি পূজন কাৰ্যসূচী সম্পন্ন হয়। এই উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে চিমেন চাপৰিতো কালি সন্ধিয়া পশ্চিম জোনাই মণ্ডল বিজেপি যুৱ মৰ্চাৰ উদ্যোগত চিমেন চাপৰি চাৰিআলিত বন্তি প্ৰজ্বনল কাৰ্যসূচীৰে উদযাপন কৰে আনন্দ উল্লাস।বন্তি প্ৰজ্বনল কাৰ্যসূচীত পশ্চিম জোনাই মণ্ডল বিজেপিৰ সভাপতি শিৱ দলে, সম্পাদক ভূপেন দাৱ,বিজেপিৰ পশ্চিম জোনাই মণ্ডল যুৱ মৰ্চাৰ সভাপতি জিন্তু মহন্ত, বুথ সমিতিৰ সভাপতি, সম্পাদক সকল উপস্থিত থাকে।