নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ উত্তৰ কোৰিয়াই দক্ষিণৰ সীমান্তৱর্তী চহৰ কিছঙত ক’ভিড–১৯ মহামাৰীক প্রতিহত কৰিবলৈ জৰুৰী অৱস্থা তথা লকডাউন জাৰি কৰিছে৷ উল্লেখনীয় যে চহৰখনত জুলাইৰ শেষৰ সপ্তাহত সন্দেহজনক প্রথমগৰাকী ক’ভিড ৰোগী দক্ষিণ কোৰিয়াৰ পৰা উপস্থিত হোৱা বুলি সংবাদ মাধ্যমে প্রকাশ কৰাৰ পাছতে শীর্ষ নেতা কিম জং–উনে কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ ইংগিত দিছে৷ ইতিমধ্যে চৰকাৰী সংস্থাসমূহক চহৰখনত ক’ভিড–১৯ৰ সংক্রমণৰ ক্ষেত্রত প্রতিৰোধী ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়াৰ উপৰি ইয়াৰ বাসিন্দাসকলৰ সুস্থিৰ জীৱন যাপন যাতে ব্যাহত নহয়, সেই ক্ষেত্রতো গুৰুত্ব দিয়াৰ আহ্বান জনাইছে৷ আজি দেশখনৰ চৰকাৰী সংবাদ সংস্থা কে চি এন এই প্রকাশ কৰিছে এই তথ্য৷ স্মর্তব্য যে কালি শাসকীয় ৱর্কার্ছ পার্টীৰ এক গুৰুত্বপূর্ণ বৈঠকত অধ্যক্ষতা কৰিছিল কিম জং–উনে৷ এই বৈঠকত কিমে ক’ভিড–১৯ মহামাৰীয়ে যাতে উত্তৰ কোৰিয়াত কোনো ধৰণৰ প্রতিকূল প্রভাৱ পেলাব নোৱাৰে, সেই ক্ষেত্রত যাৱতীয় ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি ঘোষণা কৰিছে৷