মানচেষ্টাৰত পাকিস্তানৰ বেটছমেনৰ দৃঢ়তা
কোহলি, স্মিথৰ দৰে প্রতিভাশালী বাবৰ আজমঃ নাছিৰ হুছেইন
নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা প্রথম টেষ্টত পাকিস্তানৰ বেটছমেনে দৃঢ়তা দেখুৱাবলৈ সক্ষম হৈছে৷ কালিৰে পৰা আৰম্ভ হোৱা মেচখনৰ প্রথম ইনিংছত আলহী দলটোৱে আজি বাতৰি যুগুতোৱা সময়লৈ ৮ উইকেটৰ বিনিময়ত ৩১৭ ৰান সংগ্রহ কৰিছে৷ পাকিস্তানৰ হৈ অ’পেনাৰ ছান মাছুদে ১৫৬ ৰানত অপৰাজিত হৈ আছে৷ মিডল অর্ডাৰ বাবৰ আজমে ৬৯ আৰু ছাদাব খানে ৪৫ ৰান কৰি আউট হয়৷ ইংলেণ্ডৰ হৈ এতিয়ালৈকে জ’ফ্রা আর্চাৰে তিনিটা আৰু ক্রিছ ৱ’কছে দুটা উইকেট দখল কৰে৷ ইফালে, ইংলেণ্ডৰ বিৰুদ্ধে মানচেষ্টাৰত চলি থকা প্রথম টেষ্টৰ প্রথম ইনিংছত ৬৯ ৰানৰ দায়িত্বপূর্ণ ইনিংছ খেলা পাকিস্তানৰ যুৱ তাৰকা বাবৰ আজমৰ প্রশংসাত পঞ্চমুখ হৈ পৰিছে নাছিৰ হুছেইন৷ ইংলেণ্ডৰ প্রাক্তন অধিনায়কগৰাকীয়ে বাবৰৰ বেটিঙত মুগ্ধ হৈ কৈছে যে বিৰাট কোহলি, জ’ ৰুট, ষ্টিভেন স্মিথ আৰু কেন উইলিয়ামছনৰ পিছত প্রতিভাশালীৰ তালিকাত নতুনকৈ সন্নিৱিষ্ট হৈছে পাকিস্তানৰ বাবৰ আজমৰ নাম৷ ‘পাকিস্তানী খেলুৱৈ বাবৰ আজমৰ বেটিং উপভোগ কৰি মই অভিভূত হৈ পৰিছোঁ৷ বিৰাট কোহলিৰ সৈতে তেওঁৰ বেটিঙৰ যথেষ্ট সামঞ্জস্য আছে৷ কিন্তু তেওঁৰ বিষয়ে আমি বিশেষ আলোচনা শুনিবলৈ নাপাওঁ৷ আচলতে আইপিএলত খেলিবলৈ সুযোগ নোপোৱাৰ বাবে বাবৰৰ দৰে খেলুৱৈৰ প্রতিভা বিশ্ববাসীয়ে ভালকৈ প্রত্যক্ষ কৰিব পৰা নাই৷ মোৰ মতে তেওঁ বিৰাট কোহলি, জ’ ৰুট, ষ্টিভেন স্মিথ, কেন উইলিয়ামছনৰ শাৰীত অন্তর্ভুক্ত হ’ব পৰা উদীয়মান তাৰকা৷’– হুছেইনে এইদৰে কয়৷ উল্লেখ্য যে বিগত কিছু বছৰ ধৰি বাবৰে পাকিস্তানৰ হৈ ধাৰাবাহিকভাৱে উন্নত প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছে৷