নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলৰ বাবে সাজু ধোনী, চলাই আছে অনুশীলন…

নিয়মীয়া বাৰ্তা, ৭ আগষ্টঃ আই পি এলৰ বাবে অনুশীলনত ব্যস্ত আছে ধোনী। ঘৰুৱা চহৰ ৰাঁচীৰ ক্ৰিকেট গ্ৰাউণ্ডত ভাৰতৰ জনপ্ৰিয় অধিনায়কগৰাকীয়ে চলাই আছে অনুশীলন। ঝাৰখণ্ডৰ ৰাজ্যিক ক্ৰিকেট এছোছিয়েচনৰ অধীনৰ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ ইনড’ৰ গ্ৰাউণ্ডত চলাই থকা অনুশীলনত বলিং মেচিনৰ সহায়ত অনুশীলন কৰা দেখা গৈছে ধোনীক।

সপ্তাহত দুদিনকৈ খেলপথাৰত অনুশীলন চলোৱাৰ বিযয়ে জানিবলৈ দি খেলপথাৰ পৰিচালনাৰ কৰ্মচাৰী এগৰাকীয়ে  কয় যে ধোনীয়ে আৰু ক’ত অনুশীলন চলাই আছে জানিব পৰা হোৱা নাই, তেওঁৰ পৰিকল্পনা প্ৰায়ে গোপনীয়।

উল্লেখ্য যে ২০১৯ৰ বিশ্বকাপৰ ছেমিফাইনেলত নিউজিলেণ্ডৰ হাতত পৰাস্ত হোৱাৰ পিছত কোনো খেলত অংশ লোৱা নাছিল ধোনীয়ে। একপ্ৰকাৰ সন্ন্যাস লোৱাৰ দৰে হৈছিল তেওঁৰ। কিন্তু আই পি এলত দেখা যোৱাৰ আশা এটা আছিল যদিও কভিডৰ বাবে আই পি এল বন্ধ কৰাত খেলপথাৰত ভাৰতৰ জনপ্ৰিয় অধিনায়কগৰাকীক দেখাৰ আশা ক্ষীণ হৈ আহিছিল।

কিন্তু পুনৰ আৰম্ভ হ’বলৈ গৈ আছে আই পি এল। এই আই পি এলতে ধোনীয়ে ক্ৰিকেট কেৰিয়াৰৰ সফলতাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ আশা কৰিছে কৰিছে সকলোৱে।

You might also like