নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৈজ্ঞানিক সকলে কভিড-১৯ৰ ক্ষেত্ৰত ন-ন তথ্য উদ্ধাঘটন কৰিছে…

নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ   বৈজ্ঞানিক সকলে ক’ৰোনা ভাইৰাছৰ  ৰহস্য অধ্যয়ন তথা গৱেষণা যোগেদি প্ৰকাশ কৰিছে। এই অধ্যয়নত প্ৰকাশ পাইছে যে  কিছুমান লোক গভীৰভাৱে আক্ৰান্ত হৈছে আৰু কিছুমান সোনকালে সুস্থ হৈ উঠিছে।

কিছুমান ৰোগীৰ অধ্যয়নত প্ৰকাশ পোৱা তথ্য অনুসৰি ভাইৰাছে দেহৰ প্ৰতিৰোধ ক্ষমতাক সম্পূৰ্ণ ৰূপে  নিষ্ক্ৰিয় কৰিবলৈ প্ৰৱেশ কৰে।

বিশেষজ্ঞ সকলৰ মতে যেতিয়া ক’ৰোনা ভাইৰাছ দেহত প্ৰৱেশ কৰাৰ পিছত ভাইৰাছৰ আক্ৰমণৰ বিৰোধে যুদ্ধ কৰিবলৈ প্ৰতিৰোধ ক্ষমতা কমি যায়, আৰু সংক্ৰমিত শৰীৰত ভাইৰাছে সম্পূৰ্ণ ভাৱে সম্পূৰ্ণ অস্ত্ৰগাৰ তৈয়াৰ কৰি লয় আৰু স্বাস্থ্যৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰে।

‘আমি কিছুমান বিবিধ বস্তু সংক্ৰমণ হোৱাৰ পিছত দেখা পাইছে।’ য়েল বিশ্ববিদ্যালয়ৰ আকিকৌ ইবাসিকীয়ে এইদৰে কয় যাৰ নেতৃত্বত এই অধ্যয়ন হৈছে।

ক’ৰোনা ভাইৰাছ শৰীৰত প্ৰৱেশ কৰাৰ লগে লগে শৰীৰৰ সকলো প্ৰতিৰোধ ক্ষমতা বন্ধ হৈ নাযায়, তেতিয়া শৰীৰৰ এণ্টিবডী আৰু টি-চেল সক্ৰিয় হৈ যায়। আৰু তেতিয়া ভাইৰাছক অতি সোনকালে প্ৰতিৰোধ কৰিব পাৰে কিন্তু সমস্যা তেতিয়া হয় যেতিয়া ভাইৰাছক দমন কৰিব নোৱাৰে। ষ্টেনফৰ্ডৰ বিশ্ববিদ্য়ালয়ত এজন অধ্যাপকে কয়।

ক’ৰোনা ভেকচিনৰ ক্লিনিকেল ট্ৰাইলেত এইসকলো সকলো কথা নিশ্চত হৈছে। ইয়াৰ ওপৰত আৰু অধিক গৱেষণাৰ প্ৰয়োজন আছে তেতিয়া হে ক’ৰোনাক সোনকালে নিয়ন্ত্ৰণ কৰিব পৰা যাব।

You might also like