ফটাশিল আমবাৰীত ড্রাগছসহ মহিলাক গ্রেপ্তাৰ
নিয়মীয়া বার্তা, ৮ আগষ্টঃ গুৱাহাটী মহানগৰীত চলি থকা ড্রাগ্ছ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অপৰাধ শাখাই ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷ পল্টনবজাৰ, ভৰলুমুখত বৃহৎ পৰিমাণৰ নগদ ধনসহ কেইবাজনো ড্রাগ্ছ ব্যৱসায়ীক অপৰাধ শাখাই গ্রেপ্তাৰ কৰাৰ পাছতে কালি পুনৰ ফটাশিল আমবাৰীত ড্রাগ্ছসহ এগৰাকী মহিলাক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
আৰক্ষীৰ অপৰাধ শাখাই লাভ কৰা গোপন তথ্যৰ ভিত্তিত ফটাশিল আমবাৰী আৰক্ষীৰ সহযোগত এ কে আজাদ ৰোডত অভিযান চলায়৷ এই অভিযানত ১২৫ গ্রাম ওজনৰ ১১ পেকেট হেৰ’ইন, নগদ ৫০ হাজাৰ টকা, এটা ম’বাইল ফোন আৰু মীনা কুমাৰী নামৰ ড্রাগ্ছ ব্যৱসায়ী মহিলাগৰাকীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
ফটাশিল আমবাৰীৰ শংকৰ নগৰত বসবাস কৰি এই মহিলাগৰাকীয়ে দীর্ঘদিন ধৰি মহানগৰীৰ বিভিন্ন স্থানত ড্রাগ্ছৰ ব্যৱসায় চলাই আহিছিল৷