দুৰ্বৃত্তৰ আক্ৰমণত নিহত আৰক্ষী বিষয়া গিৰীন্দ্ৰ নাথ ডেকাৰ সোঁৱৰণী গ্ৰন্থ উন্মোচন
গুৱাহাটীৰ ভেটাপাৰাত যোৱা ১৫ মে’ত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈ চিকিৎসাধীন অৱস্থাত ২৪ মে’ৰ দিনা মৃত্যুক আকোঁৱালি লোৱা অসম আৰক্ষীৰ সদ্য অৱসৰী আৰক্ষী উপ-অধীক্ষক, অসম আন্দোলনৰ অগ্ৰণী কৰ্মী, টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়া, টিহু মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, এসময়ৰ সুদক্ষ ভলীবল খেলুৱৈ গিৰীন্দ্ৰ নাথ ডেকাৰ সোঁৱৰণী গ্ৰন্থ এখন আৰক্ষী বিষয়াগৰাকীৰ মহানগৰীৰ ভেটাপাৰাস্থিত বাসগৃহত অনুষ্ঠিত এক স্মৃতিচাৰণ সভাত উন্মোচন কৰা হয়।
গ্ৰন্থখন উন্মোচন কৰে অসম আৰক্ষীৰ মহাপৰিদৰ্শক অৰবিন্দ কলিতাই। এই উপলক্ষে অসম আৰক্ষী বিষয়া সন্থাৰ প্ৰাক্তন সভাপতি পবিত্ৰ কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাত গ্ৰন্থখনৰ উন্মোচক কলিতাই ভাষণ আগবঢ়াই গিৰীন্দ্ৰ নাথ ডেকা এগৰাকী সৎ আৰু নিষ্ঠাবান আৰক্ষী বিষয়া আছিল বুলি ব্যক্ত কৰি প্ৰকাশিত গ্ৰন্থখনে মানুহ গৰাকীৰ কৰ্মৰাজিৰ কিছু হ’লেও প্ৰতিচ্ছবি দাঙি ধৰিব বুলি আশা প্ৰকাশ কৰে।
সভাখনত প্ৰয়াত ডেকাৰ আত্মীয় তথা গ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি জয়ন্ত কলিতা, অৱসৰী বেংক বিষয়া গণেশ চন্দ্ৰ বৰুৱা, গুৱাহাটী কমাৰ্চ কলেজৰ অৱসৰী অধ্যক্ষ ড° হোমেশ্বৰ কলিতা, ভাৰত দূৰ সঞ্চাৰ নিগমৰ অৱসৰী বিষয়া তথা ডেকাৰ সহপাঠী প্ৰমোদ কুমাৰ পাঠক, মোমায়েক হৰেণ কলিতা, অধ্যাপিকা নিজৰা দেৱী অধিকাৰী, গ্ৰন্থ সম্পাদনা সমিতিৰ সম্পাদক দিবাকৰ মেধি, ভাতৃ ডা° অৰুণ ডেকা আৰু দিবাকৰ কলিতাকে ধৰি ভালেকেইগৰাকী লোকে গিৰীন্দ্ৰ নাথ ডেকাৰ ব্যক্তিত্বৰ বিষয়ে বৰ্ণনা কৰাৰ লগতে ডেকাৰ আততায়ীৰ শাস্তিৰ পোষকতা কৰে।
ভাতৃ নৃপেন ডেকা আৰু বৌৱেক জয়শ্ৰী কলিতাই অনুষ্ঠানত কবিতা পাঠ কৰে। সভাৰ আৰম্ভণিতে প্ৰয়াত ডেকাৰ প্ৰতিচ্ছৱিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে ক্ৰমে ডাঙৰ বৌৱেক দীপালী ডেকা আৰু মামীয়েক ধনেশ্বৰী কলিতাই।
সভাৰ অন্তত সভাৰ সভাপতিয়ে গিৰীন্দ্ৰ নাথ ডেকাৰ সৈতে কটোৱা সময়ৰ স্মৃতি সুঁৱৰি তেওঁক এগৰাকী সুদক্ষ আৰক্ষী বিষয়া বুলি অভিহিত কৰে। এই সোঁৱৰণী গ্ৰন্থখনৰ মাজতে প্ৰয়াত ডেকাক বিচাৰি পোৱা যাব বুলিও তেওঁ উল্লেখ কৰে।
নিয়মীয়া বাৰ্তা, কৈঠালকুছি, ৯ জুন