নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও বন বিভাগৰ অভিযানত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ

  • কাৰ্বিআংলঙৰ পৰা নগাঁৱলৈ দৈনিক সৰবৰাহ হয় ট্ৰাকে ট্ৰাকে চোৰাং কাঠ

নিয়মীয়া বার্তা, ৮ আগষ্ট : নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে নগাঁও বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত যোৱা এটি বন বিভাগৰ দলে জিলাখনৰ শালনা বনাঞ্চলৰ অধীনস্থ মিছাত যোৱা নিশা অভিযান চলাই বৃহৎ পৰিমাণৰ মূল্যবান মাকৈ শাল কাঠ জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, বন বিভাগৰ অভিযানকাৰী দলটোৱে এছ ০৫ এ ১২৮৬ নম্বৰৰ এখন ট্ৰাকেৰে কাৰ্বি আংলং জিলাৰ লাংখ্ৰাং বনাঞ্চলৰ পৰা বৃহৎ পৰিমানৰ কাঠখিনি নগাঁও দিশলৈ আনি থকাৰ খবৰ লাভ কৰি বন বিভাগৰ দলটোৱে অভিযান চলাই মিছা আৰক্ষী চকীৰ সমীপৰ পৰা কাঠখিনি জব্দ কৰাৰ লগতে উল্লেখিত ট্ৰাকখনো জব্দ কৰে । বন বিভাগৰ সূত্ৰে জানিব জানিব পৰা মতে, জব্দ কৰা কাঠ খিনিৰ মূল্য লক্ষ্যাধিক টকা হ’ব। উল্লেখ্য যে দীৰ্ঘদিন ধৰি কাৰ্বি আংলঙৰ বনাঞ্চলৰ পৰা বিভিন্ন প্ৰকাৰৰ মূল্যবান গছ কাটি কাঠ সমুহ নিশাৰ ভাগত নগাঁও জিলাৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছে।

You might also like