নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ ছেপ্টেম্বৰৰ পৰা পাঠদানৰ বাবে সাজু গুৱাহাটী বিশ্ববিদ্যালয়

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ ১ ছেপ্টেম্বৰৰ পাঠদানৰ বাবে সাজু গুৱাহাটী বিশ্ববিদ্যালয়। বিশ্ববিদ্য়ালয়ৰ অন্তৰ্গত ৩৫০খন কলেজ পাঠদানৰ বাবে সাজু হোৱাৰ আহ্বান জনাইছে উপাচাৰ্যই।

শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষক স্বাধীনভাৱে সিদ্ধান্ত গ্ৰহণৰ অনুমতি প্ৰদান কৰাৰ পাছতে এই পদক্ষেপ গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ।ইতিমধ্য়ে স্নাতকোত্তৰ চতুৰ্থ ষান্মাসিকৰ পৰীক্ষাৰ প্ৰস্তুতি চলোৱা হৈছে। স্বাস্থ্য বিভাগৰ নিয়ম মানি হোষ্টেল আৰু শ্ৰেণীকোঠা সাজু কৰা হৈছে বুলি মন্তব্য কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই। ২২ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’ব স্নাতকৰ ৬ষ্ঠ ষান্মাসিকৰ পৰীক্ষা আৰু ২৫ তাৰিখৰ পৰা হ’ব স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষা। ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত থকা কলেজসমূহৰ অধ্যক্ষসকলৰ লগত এই সন্দৰ্ভত আলোচনা কৰা হৈছে।

You might also like