নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত ছেপ্টেম্বৰত বিদ্যালয় খোলাত অনিশ্চয়তা, ৯১খন স্কুলত চলি আছে ক’ভিড কাউন্সেলিং চেণ্টাৰ

নিয়মীয়া বার্তা, ৯ আগষ্টঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি যোৱা মার্চ মাহৰ পৰা শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে৷ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে অহা ১ ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠানসমূহ খোলাৰ বাবে প্রাৰম্ভিক চিন্তা–চর্চা আৰম্ভ কৰিছে৷ শিক্ষা বিভাগে শিক্ষানুষ্ঠানসমূহ খোলাৰ ক্ষেত্রত অভিভাৱক, শিক্ষাবিদ, ছাত্র সংগঠন আদিৰ পৰা পৰামর্শও বিচাৰিছে৷

১ ছেপ্টেম্বৰৰ পৰা বিদ্যালয়সমূহ খোলাৰ ক্ষেত্রত এতিয়াও কোনো সিদ্ধান্ত গ্রহণ কৰা নাই যদিও অক্টোবৰৰ মাহৰ পৰা শিক্ষানুষ্ঠানসমূহ পৰিকল্পনা অনুসৰি খোলাৰ ব্যৱস্থা কৰিব বুলি শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছে৷ উল্লেখ্য যে ৰাজ্যৰ অন্যান্য জিলাসমূহৰ তুলনাত কামৰূপ (ম) জিলাত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছিল৷

ক’ৰোনাৰ সংক্রমণ ৰোধৰ বাবে গুৱাহাটী মহানগৰীত লকডাউন ঘোষণা কৰিবলৈ বাধ্য হৈছিল চৰকাৰ৷ ক’ভিড আক্রান্তক চিনাক্ত কৰাৰ বাবে চৰকাৰে কামৰূপ মহানগৰ জিলাত প্রথম অৱস্থাত ৩১টা ক’ভিড কাউন্সেলিং চেণ্টাৰ স্থাপন কৰিছিল৷ চৰকাৰৰ নির্দেশ অনুসৰি কামৰূপ (ম) জিলা প্রশাসনে ৩১টা ৱার্ডৰ ৩১খন বিদ্যালয়ত এই ক’ভিড কাউন্সেলিং চেণ্টাৰসমূহ স্থাপন কৰিছিল৷

গুৱাহাটীত ক’ভিড আক্রান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাত স্বাস্থ্য বিভাগৰ নির্দেশ অনুসৰি পুনৰ ৬০টা ক’ভিড কাউন্সেলিং চেণ্টাৰ স্থাপন কৰিছিল৷ বর্তমান গুৱাহাটী মহানগৰীৰ সর্বমুঠ ৯১খন বিদ্যালয়ত ক’ভিড কাউন্সেলিং চেণ্টাৰ চলি আছে৷ এই ক’ভিড কাউন্সেলিং চেণ্টাৰসমূহত কৰা ৰেপিড এণ্টিজেন টেষ্টত পূর্বৰ তুলনাত ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা হ্রাস পোৱা পৰিলক্ষিত হৈছে৷

ক’ৰোনা আক্রান্তৰ সংখ্যা হ্রাস পালেও প্রতিদিনে গুৱাহাটীত ক’ভিড–১৯ত আক্রান্ত ৰোগী ওলাই আছে৷ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে পহিলা ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠানসমূহ খোলাৰ লক্ষ্য লৈছে যদিও গুৱাহাটী মহানগৰীত ছেপ্টেম্বৰৰ পৰা বিদ্যালয়সমূহ খোলাত অনিশ্চিয়তা আহি পৰিছে৷

মহানগৰীৰ ৯১খন বিদ্যালয়ত ক’ভিড কাউন্সেলিং চেণ্টাৰ চলি থকাত শিক্ষানুষ্ঠানসমূহ খোলাৰ ক্ষেত্রত চৰকাৰৰ নির্দেশ অনুসৰিহে জিলা প্রশাসনে সিদ্ধান্ত গ্রহণ কৰিব বুলি উপায়ুক্ত বিশ্বজিৎ পেগুৱে জানিবলৈ দিছে৷

You might also like