গো–পালনেৰে স্বাৱলম্বী উচ্চ শিক্ষিত প্রমোদ কলিতা, আত্মনির্ভৰ অসমৰ সফল ৰূপায়ণত গুৰুত্ব
নিয়মীয়া বার্তা, ৯ আগষ্টঃ ‘মন কৰিল ছন, বাকৰি মাটিতো ধন’– আপ্ত বাক্যশাৰীয়েই বর্তমান বিজ্ঞানৰ যুগতো বহুতক জীয়াই থকাৰ বাবে জীৱিকাৰ নতুন নতুন পথৰ সন্ধান দি আহিছে৷ বহুতে সেই আপ্ত বাক্যশাৰীত উদ্বুদ্ধ হৈ জীৱিকাৰ ন ন ক্ষেত্রৰ সন্ধান কৰি সফল হোৱাৰ লগতে নিজৰ লগতে আনকো কর্মসংস্থাপনৰ বাট দেখুৱাবলৈ সক্ষম হৈছে৷ তেনে এজন সফল যুৱক হ’ল গুৱাহাটীৰ দীপৰ বিলৰ গাতে লগা চকর্দো কলিতাপাৰাৰ প্রমোদ কলিতা৷
২০০৭ চনত ধাৰাপুৰ চাৰিআলিৰ পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ পৰা একাউণ্টটেঞ্চী বিষয়ত সুখ্যাতিৰে বাণিজ্য বিভাগত স্নাতক ডিগ্রী লাভ কৰা প্রমোদ কলিতাই পঢ়ি থকা দিনৰে পৰা স্বাধীনভাৱে কিবা এটা কৰাৰ সপোন পুহি ৰাখিছিল৷ যাৰ বাবে ২০০৯–১০ চনত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত ঠিকাভিত্তিক গাণনিক সহায়ক পদত সাক্ষাৎকাৰত উত্তীর্ণ হৈ বাছনি হোৱাৰ পিছতো চাকৰিত যোগদান নকৰিলে৷
পৰৱর্তী সময়ত টেণ্ট হাউছৰ ব্যৱসায় কৰি কিছু লোকচানৰ সন্মুখীন হয় যদিও হতাশ নহৈ ২০১৭–১৮ চনৰ পৰা বাণিজ্যিক ভিত্তিত গো–পালনৰ কাম আৰম্ভ কৰে প্রমোদ কলিতাই৷ চাৰিটা গৰুৰে নিজ ঘৰৰ চৌহদত গো–পালন আৰম্ভ কৰা প্রমোদ কলিতাৰ বিগত আঢ়ৈটা বছৰত পোৱালিসহ গৰুৰ সংখ্যা হৈছে ১০২টা৷
২জন শ্রমিকক গৰুৰ ঘাঁহ কটা, গোহালি চাফা কৰা, দানা দিয়া কামত নিযুক্ত কৰা প্রমোদ কলিতাই নিজ হাতে গৰুৰ গাখীৰ খীৰায়৷ দৈনিক গড় হিচাপত প্রায় ৫৫ লিটাৰ গাখীৰ উৎপাদন কৰা প্রমোদ কলিতাই প্রায় দুই লিটাৰ গাখীৰ ঘৰত খোৱাৰ বাবে ৰাখি বাকীখিনিৰ আধা গাখীৰ হিচাপে আৰু বাকীখিনি দৈ, পনীৰ আৰু ঘী হিচাপে বিক্রী কৰি আর্থিকভাৱে কিছু লাভৱান হৈ স্বাৱলম্বিতাৰ মুখ দেখিবলৈ সক্ষম হৈছে৷
এইক্ষেত্রত পিতৃ–মাতৃৰ লগতে পত্নী অনামিকা দাস কলিতায়ো সহায়–সহযোগিতা কৰি আহিছে বুলি প্রমোদ কলিতাই জানিবলৈ দিছে৷ যাৱতীয় খৰচ বা দি মাহেকত প্রায় ২৫ হাজাৰ টকাৰ উপার্জনৰ মুখ দেখা প্রমোদ কলিতাক গো–পালনৰ ক্ষেত্রত চকর্দো পশু উপ–স্বাস্থ্য কেন্দ্রৰ পশু চিকিৎসক ডাঃ নাৰায়ণ দেউৰী আৰু ৰাণী ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাঃ ৰাধিকা বড়ো দেউৰীয়ে যথেষ্ট সহায় কৰি আহিছে বুলি সদৰী কৰিছে৷ ইফালে, তেওঁৰ গো–পালনৰ লাভৰ মুখ দেখি অঞ্চলটোৰ কেইবাজনো যুৱকে বিগত এটা বছৰত গৰু পোহা বা গো–পালনক বৃত্তি হিচাপে গ্রহণ কৰিছে৷