নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাশ্চাত্যলৈ পাৰমাণৱিক আক্রমণৰ হুংকাৰ ৰাছিয়াৰ

বেলিষ্টিক ক্ষেপণাস্ত্রৰ পৰীক্ষাভূমি হ’ব নোৱাৰে ভ্লাডিমিৰ পুটিনৰ দেশ

নিয়মীয়া বাৰ্তা ৯ আগষ্টঃ   পাশ্চাত্যৰ দেশসমূহৰ লগতে আমেৰিকালৈ কঠোৰ সকীয়নি প্রেৰণ কৰি ৰাছিয়াই শেহতীয়াকৈ মন্তব্য কৰিছে যে দেশখনৰ ভূখণ্ডৰ অভ্যন্তৰত কোনোধৰণৰ বেলিষ্টিক ক্ষেপণাস্ত্র আহি পৰিলে তাক পাৰমাণৱিক আক্রমণ বুলি গণ্য কৰা হ’ব৷ অকল সেয়াই নহয়, যিকোনো দেশৰ বেলিষ্টিক ক্ষেপণাস্ত্র পৰীক্ষাই যদি ৰুছ ভূখণ্ডত স্পর্শ কৰে, তেন্তে তেনে দেশৰ বিৰুদ্ধে পাৰমাণৱিক আক্রমণ চলাব ৰাছিয়াই৷ দেশখনৰ সামৰিক বাহিনীৰ মুখপত্র ‘ক্রাছানায়া ভেজডা’ অর্থাৎ ৰেড ষ্টাৰত প্রকাশিত নিবন্ধত এই সতর্কবাণী কৰা হৈছে৷ প্রত্যক্ষভাৱে নিবন্ধটোত আমেৰিকাৰ নাম উল্লেখ নকৰিলেও হোৱাইট হাউছ প্রশাসনে শেহতীয়াকৈ দীর্ঘ দূৰত্ব ভেদী ক্ষেপণাস্ত্রৰ পৰীক্ষা চলোৱাৰ প্রস্তুতিৰ সময়তে ৰাছিয়াই এই হুংকাৰ দিয়া বিষয়টোৱে বিশেষ তাৎপর্য কঢ়িয়াইছে৷ আমেৰিকান সংবাদ–পত্র ‘দ্য ৱাশ্বিংটন প’ষ্ট’ৰ প্রতিবেদন অনুসৰি ৰাছিয়াৰ ওপৰত আহিব পৰা ক্ষেপণাস্ত্রৰ আক্রমণক মস্কো প্রশাসনে পাৰমাণৱিক আক্রমণ হিচাপে গণ্য কৰিব৷ এনে আক্রমণৰ বিৰুদ্ধে দেশখনে পাৰমাণৱিক আক্রমণকেই বিকল্প হিচাপে ব্যৱহাৰ কৰিব বুলিও ইংগিত দিছে৷ ৰাছিয়াৰ সামৰিক বাহিনীৰ জ্যেষ্ঠ বিষয়া মেজৰ জেনেৰেল আন্দ্রেই ষ্টাৰলিন আৰু কর্নেল আলেকজেণ্ডাৰ খ্রিয়াপিনে লিখা এই নিবন্ধত স্পষ্ট কৰি দিয়া হৈছে যে পাশ্চাত্যৰ কোনোধৰণৰ বেলিষ্টিক ক্ষেপণাস্ত্রৰ পৰীক্ষাভূমি হ’ব নোৱাৰে ৰাছিয়া৷ দুর্ভাগ্যবশতঃ পাশ্চাত্যৰ দেশসমূহে চলোৱা বেলিষ্টিক ক্ষেপণাস্ত্রৰ পৰীক্ষাই ৰুছ ভূমি স্পর্শ কৰিলেও ভয়ংকৰ পাৰমাণৱিক যুদ্ধৰ সৃষ্টি হ’ব পাৰে বুলি দুয়োগৰাকী বিষয়াই ইংগিত দিছে৷ স্মর্তব্য যে আমেৰিকাই পূর্বৰ গুপ্তচৰ বিষয়া তথা ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনক এগৰাকী সামৰিক ৰাজনীতিক আখ্যা দি আহিছে৷ এই সামৰিক ৰাজনৈতিক নেতাগৰাকীয়ে প্রতিমুহূর্ততে যুদ্ধৰ পোষকতা কৰি অহা বুলিও ৱাশ্বিংটন প’ষ্টে উল্লেখ কৰিছে৷

আৰু পঢ়িবলৈ তলৰ লিংকত ক্লিক কৰক 

নেপালৰ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ পি অলীৰ 

 

You might also like