জয় শ্ৰী ৰাম, ধ্বনি নিদিয়াৰ বাবে প্ৰহৃত অটো চালক
নিয়মীয়া বাৰ্তা ৯ আগষ্টঃ ৰাজস্থানৰ সীকাৰত মোডী জিন্দাবাদ, জয় শ্ৰী ৰামৰ ধ্বনি নিদিয়া বাবে এজন ৫২ বছৰীয়া অটো চালকক প্ৰহাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে। ৰাজস্থান আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। অটোচালক গফ্ফৰ আহমেদে প্ৰহাৰ কৰা ঘটনা সন্দৰ্ভত স্থানীয় থানাত গোচৰ ৰুজু কৰিছিল।
আহেমদ এজাহাৰত উল্লেখ কৰিছিল যে শুকুৰবাৰে পুৱা প্ৰায় ৪ বজাত এখন গাওঁত যাত্ৰী নমাই থৈ অহাৰ পিছত উভতি আহি থাকোতে, এখন গাড়ীত দুজন মানুহে তেওঁক ৰখালে আৰু চাদা বিচাৰিলে। যেতিয়া আহেমদে চাদা নাই বুলি কলে তেতিয়া মোডী জিন্দাবাদ আৰু জয় শ্ৰী ৰাম ৰ ধ্বনি দিবলৈ কয় লোক দুজনে। গফ্ফৰে এই কামত অমান্তি হয় তেতিয়া দুয়োজন তেওঁক প্ৰহাৰ কৰে।
লোক দুজনৰ প্ৰহাৰত গফ্ফৰ আঘাত প্ৰাপ্ত হয়। আহমেদৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে।
Rajasthan: An auto driver was allegedly beaten up by two persons & forced to chant ‘Jai Shree Ram’ & ‘Modi Zindabad’ in Sikar, yesterday. Police says, “the accused have been arrested. Further investigation is underway.” pic.twitter.com/rVWmcDRJW8
— ANI (@ANI) August 8, 2020