নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইমছত বিল্ডিঙৰ পৰা জপিয়াই আত্মহত্যা বৃদ্ধৰ

নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ ছত্তিশগড়ৰ ৰায়পুৰস্থিত এইমছ (All India Institute of Medical Sciences- AIIMS) ত এগৰাকী ক’ৰোনা আক্ৰান্ত লোকে বিল্ডিঙৰ দ্বিতীয় মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰে । আৰক্ষীয়ে জনোৱা মতে লোকজনৰ বয়স আছিল ৬৫ বছৰ ।

উল্লেখ্য যে, লোকজন লালপুৰ অঞ্চলৰ বাসিন্দা আৰু তেওঁক ৭ আগষ্টত এইমছত ভৰ্তি কৰোৱা হৈছিল । কিন্তু ৰোগীজনক মানসিক স্বাস্থ্য সম্বন্ধিয় কিছু পৰামৰ্শৰ বাবে চিকিৎসালয়তে ৰখা হৈছিল ।

বৰ্তমানলৈ কোনো ছুইছাইড নোট পোৱা নাই যদিও অধিক তথ্যৰ বাবে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

You might also like