ক’ভিড আক্রান্তক আৰোগ্য কৰিবলৈ ৰাজ্যত দৈনিক ৫০ ইউনিট প্লাজমাৰ প্রয়োজন
নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ ৰাজ্যত একেদিনাই অভিলেখ সৃষ্টি কৰি স্বাস্থ্য বিভাগে ১ লাখ ৪৩ হাজাৰ ১০৯টা ক’ভিড পৰীক্ষা সম্পন্ন কৰা ঘটনাই বিশেষ চর্চাৰ সৃষ্টি কৰিছে৷ দেশৰ ভিতৰত প্রথমবাৰৰ বাবে অসমে ক’ভিড পৰীক্ষাৰ ক্ষেত্রত সৃষ্টি কৰা এনে অভিলেখক লৈ এতিয়া ৰাষ্ট্রীয় পর্যায়তো শিৰোনাম দখল কৰিছে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰে এনে অভিলেখৰ বাবে স্বাস্থ্য বিভাগক ধন্যবাদ জনোৱাই নহয়, এক সামূহিক প্রচেষ্টাৰ জৰিয়তে এই সাফল্য লাভ কৰা বুলি উল্লেখ কৰে তেওঁ৷ ইয়াৰ পূর্বে উত্তৰ প্রদেশে এটা দিনতে ১ লাখ ২০ হাজাৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ বিপৰীতে অসমে অভিলেখ সৃষ্টি কৰি এটা দিনতে প্রায় ডেৰ লাখ ক’ভিড টেষ্ট সম্পন্ন কৰিবলৈ সক্ষম হয়৷ বুধবাৰে সম্পন্ন হোৱা ক’ভিড পৰীক্ষাৰ ১ লাখ ৩০ হাজাৰ এণ্টিজেন টেষ্ট আৰু বাকীখিনিক আৰ টি পি চি আৰ পৰীক্ষাৰ জৰিয়তে ফলাফল নির্ধাৰণ কৰা হৈছে৷ মন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে অভিলেখৰ লক্ষ্যৰে স্বাস্থ্য বিভাগে ক’ভিড পৰীক্ষা চলাই যোৱা নাই৷ একমাত্র ৰাজ্যত সংক্রমণ হ্রাস কৰাৰ লক্ষ্যৰেহে এই পৰীক্ষা বৃদ্ধিৰ লক্ষ্য বান্ধি লোৱা হৈছে৷ তেওঁ কয়– অহা কেইদিনত যদি এই পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰি যোৱা হয়, তেন্তে ক’ৰোনা আক্রান্তৰ সংখ্যা হ্রাস পোৱাৰ সম্ভাৱনা আছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কোৱাৰ দৰে পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰি গ’লে ক’ৰোনা বৃদ্ধিৰ সংখ্যা নিজে নিজে কমি যাব৷ লক্ষণীয় বিষয়টো হ’ল যে এজন ৰোগী যদি তিনি দিনৰ পাছত ক’ৰোনা পজিটিভ হিচাপে চিনাক্ত হয়, তেন্তে তেওঁ ৪০–৫০জন লোকক সংক্রমিত কৰাৰ সম্ভাৱনা থাকে৷ কিন্তু স্বাস্থ্য বিভাগে আক্রমণাত্মক ক’ভিড পৰীক্ষা চলাই যোৱা বাবে বহু লোকক আক্রান্ত হোৱাৰ দিনাই ধৰা পেলাবলৈ সক্ষম হৈছে৷ যাৰ বাবে ক’ৰোনা আক্রান্তৰ সংখ্যা হ্রাস হৈ থকাৰ সম্ভাৱনা থাকে৷ বিজ্ঞানীসকলে এই পদক্ষেপক উচিত বুলি স্পষ্ট কৰিছে৷ উল্লেখ্য যে ৰাজ্যত ক’ভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰি যোৱাৰ সমান্তৰালকৈ স্বাস্থ্য বিভাগে প্লাজমা থেৰাপীৰে সুস্থ কৰি তুলিছে গুৰুতৰভাৱে ক’ৰোনাত আক্রান্ত হোৱা বহু লোকক৷ প্লাজমা থেৰাপীৰ সফলতাৰ বিষয় ইতিমধ্যে স্বাস্থ্যমন্ত্রী ড০ শর্মাই বিভিন্ন মঞ্চত বিস্তৃত ব্যাখ্যা কৰাৰ পাছত ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পাবলৈ লৈছে প্লাজমা দান কৰা লোকৰ সংখ্যা৷ এই থেৰাপীৰ সুফলতাৰ বাবেই প্রতিদিনে ৰাজ্যত আৱশ্যক ৫০ ইউনিট প্লাজমাৰ৷ ইতিমধ্যে পাঁচখন চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্লাজমা বেংক স্থাপন কৰা হৈছে আৰু প্লাজমা থেৰাপীৰে ৰোগীক আৰোগ্য কৰাৰ প্রচেষ্টা চলি আছে৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই প্লাজমা থেৰাপীৰ বাবে সৃষ্টি কৰা জনসচেতনতাৰ অংশস্বৰূপে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জি এম চি এইচ) প্লাজমা দানৰ বাবে আগবাঢ়ি আহিল আগশাৰীৰ অনুষ্ঠান লায়ন্স ক্লাব৷ এই উদ্দেশ্যে জি এম চি এইচত আয়োজন কৰা ৰক্ত–প্লাজমা দানৰ এক শিবিৰ আয়োজন কৰা হয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি আনুষ্ঠানিকভাৱে এই শিবিৰটো মুকলি কৰে৷ উল্লেখ্য যে ১৯গৰাকী ক’ৰোনা আক্রান্ত ৰোগীৰ চিকিৎসাৰ অর্থে আৱশ্যক হোৱা প্লাজমা দানৰ প্রয়োজনীয়তা সন্দর্ভত জনসচেতনতা প্রসাৰৰ উদ্দেশ্যে লায়ন্স ক্লাবৰ গুৱাহাটী গ্রেটাৰে প্লাজমা দান অভিযান আৰম্ভ কৰিবলৈ আগবাঢ়ি আহিছে৷ আজি স্বাস্থ্যমন্ত্রীগৰাকীয়্ ক্লাবৰ সদস্যসকলৰ সৈতে এক বৈঠকত মিলিত হৈ প্লাজমা দানৰ বিভিন্ন দিশ আলোচনা কৰে৷ এই শিবিৰৰ জৰিয়তে লায়ন্স ক্লাবে প্লাজমা দান কৰাৰ ক্ষেত্রত সচেতনতা বৃদ্ধিৰ সমান্তৰালভাৱে প্লাজমা দান কৰিব বিচৰা লোকসকলক এই দিশত সহায়–সহযোগ আগবঢ়াব৷