নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধোনীৰ ক’ভিড টেষ্ট নিগেটিভ

নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ বিচিচিআইৰ ঐশ্বর্যশালী টি–২০ লীগ আইপিএলৰ বাবে ইউএইলৈ উৰা মাৰিবলৈ মাজত প্রায় এসপ্তাহ বাকী থকা অৱস্থাত চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্র সিং ধোনীৰ আজি ক’ভিড টেষ্ট সম্পন্ন হয়৷ ৰাঁচীস্থিত গুৰুনানক হাস্পতাল এণ্ড ৰিছার্চ চেণ্টাৰৰ মাইক্র’ প্রেক্সিছ লেবৰেটৰীয়ে বৃহস্পতিবাৰৰ দুপৰীয়া প্রায় ২ বজাত ধোনীৰ ৰাঁচীস্থিত বাসগৃহত উপস্থিত হৈ তাৰকা ক্রিকেটাৰগৰাকীৰ নমুনা সংগ্রহ কৰে৷

ইফালে, নিশাৰ ভাগলৈ ধোনীৰ ক’ভিড টেষ্টৰ ফলাফল নিগেটিভ বুলি ঘোষণা কৰা হৈছে৷ ইয়াৰ ফলত তেওঁ কাইলৈ প্রস্তুতি শিবিৰত অংশ ল’বলৈ চেন্নাইলৈ উৰা মাৰিব পাৰিব৷ মন কৰিবলগীয়া যে অধিনায়ক ধোনীৰ পৰামর্শ অনুসৰিয়েই চেন্নাই ছুপাৰ কিংছে অহা ১৫ আগষ্টৰ পৰা চেন্নাইত প্রস্তুতি শিবিৰৰ আয়োজন কৰিছে৷ এসপ্তাহৰ শিবিৰত অংশ লোৱাৰ পিছত অহা ২২ আগষ্টত দলটো ইউএইলৈ ৰাওনা হোৱাৰ কথা আছে৷

উল্লেখ্য যে টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক তথা তাৰকা উইকেটৰক্ষক ধোনীয়ে ২০১৯ৰ আইচিচি এদিনীয়া বিশ্বকাপৰ ছেমিফাইনেলৰ পৰা ভাৰতীয় দলক প্রতিনিধিত্ব কৰা নাই৷ শেহতীয়াকৈ তেওঁ আইপিএলৰ প্রতি লক্ষ্য ৰাখি ৰাঁচীত সামান্য অনুশীলন আৰম্ভ কৰা বুলি বাতৰি প্রকাশ পাইছে৷

You might also like