ৰাজীৱ ভৱন হ’বগৈ আজমল ভৱনঃ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ১৫ আগষ্টঃ ৰাজীৱ ভৱনৰ নামটো গুচাই আজমল ভৱন হৈ যাব এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কিছুদিনৰ পাছতে এয়া দেখিবলৈ পোৱা যাব। মৰিগাঁৱত পতাকা উত্তোলন কৰি এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
কংগ্ৰেছৰ গোটেই ভৱনটোৱেই আজমল ভৱন হৈ যাব। মইয়ো কংগ্ৰেছী আছিলো গতিকে মোৰো এইক্ষেত্ৰত দুখ লাগে। তৰুণ গগৈয়ে ”হু ইজ আজমল” বুলি কৈ এতিয়া গোটেই কংগ্ৰেছকে আজমলময় কৰি দিলে।
তেওঁ আজমলক গালি পাৰি পাৰিয়েই শাসনত আহিছিল সেইটো এতিয়া পাহৰি যাব লাগে বুলি তৰুণ গগৈক কটাক্ষ মন্ত্ৰী ড০ শৰ্মাৰ। তেওঁ কয় যে তৰুণ গগৈয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী বুলি ক’বই নালাগে কাৰণ তেওঁ আজমলক গালি পাৰি মুখ্যমন্ত্ৰী হৈছিল।