সংক্রমণ প্রতিৰোধেৰে সংসদৰ বর্ষাকালীন অধিৱেশন
ভাইৰাছনাশক ব্যৱস্থা ১০খন ডিছপ্লে’ স্ক্রীনঃ উভয় সদনত চেম্বাৰ–গেলাৰীৰ ব্যৱস্থা
নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ ক’ভিডকালৰ সংকটৰ মাজতে দেশৰ সংসদৰ বর্ষাকালীন অধিৱেশনৰ প্রস্তুতি চলাইছে চৰকাৰে৷ ক’ভিড–১৯ মহামাৰীক প্রতিৰোধ কৰিবলৈ যোৱা মার্চ মাহত লকডাউন ঘোষণাৰ পাছত প্রথমবাৰৰ বাবেই সংসদৰ এই অধিৱেশন অনুষ্ঠিত হ’ব৷ দেশৰ সংসদৰ অধিৱেশনত প্রথমবাৰলৈ গ্রহণ কৰা হ’ব ক’ভিড–১৯ প্রতিৰোধৰ অভূতপূর্ব ব্যৱস্থা৷ মহামাৰী প্রতিৰোধৰ বিভিন্ন বিশেষ ব্যৱস্থা গ্রহণৰ সিদ্ধান্ত লোৱা হৈছে এই বর্ষাকালীন অধিৱেশনত৷ আজি কেন্দ্রীয় গৃহ বিভাগৰ এক সূত্রই সদৰী কৰা অনুসৰি সংসদৰ দুয়ো সদনত প্রথমবাৰলৈ ৰখা হ’ব চেম্বাৰ আৰু গেলাৰী৷ ৰাজ্যসভা আৰু লোকসভাৰ সাংসদসকলৰ আসনৰ বাবে এই সুকীয়া চেম্বাৰ আৰু গেলাৰীৰ ব্যৱস্থা কৰা হৈছে৷ ইফালে, সংসদত চাৰিখনকৈ বৃহৎ ডিছপ্লে স্ক্রীন স্থাপন কৰাৰো সিদ্ধান্ত লোৱা হৈছে চেম্বাৰবোৰত৷ এই চাৰিওখন স্ক্রীনৰ দৈর্ঘ্য আৰু প্রস্থ হ’ব ৮৫ ইঞ্চি৷ সেইদৰে চাৰিটাকৈ গেলাৰীত স্থাপন কৰা হ’ব ৪০ ইঞ্চি দৈর্ঘ্য তথা প্রস্থৰ ৬খন ডিজিটেল স্ক্রীন৷ অর্থাৎ মুঠ ১০খন ডিজিটেল স্ক্রীন বর্ষাকালীন অধিৱেশনত ব্যৱহাৰ কৰা হ’ব সংসদত৷ বিতর্ক আৰু আলোচনাৰ সময়ত যাতে প্রকৃত সময়ত অডি’–ভিজুৱেল সংকেত তথা কমিউনিকেচন কনছ’ল সাংসদসকলৰ বাবে উপলব্ধ হয়, তাৰ প্রতি নজৰ ৰাখি অত্যাধুনিক কেব্লৰ ব্যৱহাৰ কৰা হ’ব সংসদত৷ ইফালে, বিভিন্ন বীজাণু তথা ভাইৰাছ নাশ কৰিবলৈ এয়াৰ কণ্ডিচন ইউনিটত ৰখা হ’ব আলট্রাভায়’লেট ইৰেডিয়েচন ব্যৱস্থা৷ এই প্রস্তুতিৰ উপৰি সামাজিক দূৰত্ব ৰক্ষাৰ ক্ষেত্রত বিশেষ ব্যৱস্থা গ্রহণ কৰা হ’ব উভয় সদনতে৷ গৃহ মন্ত্রালয় সূত্রই সদৰী কৰা অনুসৰি বিভিন্ন দলৰ সাংসদসকলক ৰাজ্যসভাত তেওঁলোকৰ সদস্য সংখ্যা অনুসৰি চেম্বাৰ আৰু গেলাৰীত আসনৰ ব্যৱস্থা কৰি দিয়া হ’ব৷ লোকসভাৰ চেম্বাৰত দুটাকৈ ব্লক থাকিব৷ ইয়াৰে এটাত শাসক দল আৰু আনটোত অন্য দলসমূহৰ প্রতিনিধিয়ে আসন লাভ কৰিব৷ স্মর্তব্য যে ৰাজ্যসভাৰ চেম্বাৰত প্রধানমন্ত্রী মোদী, কেন্দ্রীয় মন্ত্রীসকল, সদনৰ মুৰব্বী, বিৰোধী দলৰ নেতাৰ বাবে আসন সুৰক্ষিত থাকিব৷ প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিং, এইচ ডি দেৱেগৌড়াৰো আসন সংৰক্ষিত থাকিব৷ সূত্রটোৰ মতে, এটা দিনত একোখন সদনত চাৰি ঘণ্টাকৈহে কাম–কাজ চলিব৷ লক্ষণীয়ভাৱে সাংসদসকলৰ বয়সৰ বিষয়টোৱে গুৰুত্ব লাভ কৰিব আগন্তুক বর্ষাকালীন অধিৱেশনত৷