নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত বলৱৎ হৈ থকা লকডাউনত কেইবাটাও শিথলতাৰে বলৱৎ হ’ল আনলক–৪৷ ৰাজ্য চৰকাৰে জাৰি কৰা এই নতুন নির্দেশনা অনুসৰি আজিৰে পৰা মহানগৰীখনৰ ৰাস্তাৰ দুয়োকাষে থকা দোকান–পোহাৰ, ব্যৱসায়িক প্রতিষ্ঠানসমূহ খুলিব পাৰিব৷ ইয়াৰ পূর্বে আনলক–৩ত পথৰ সোঁফাল–বাঁওফাল নীতি প্রাধান্য দিয়া হৈছিল৷
অর্থাৎ সোমবাৰৰ পৰা শুকুৰবাৰলৈ এদিন সোঁফালে আৰু পাছৰ দিনা বাঁওফালৰ দোকান–ব্যৱসায়িক প্রতিষ্ঠানসমূহ খোলাৰ অনুমতি প্রদান কৰা হৈছিল৷ এই নীতি প্রত্যাহাৰ কৰাৰ লগে লগে সোমবাৰৰ পৰা শুকুৰবালৈ মহানগৰীত পথৰ দুয়োকাষে থকা দোকানসমূহ খুলিব পাৰিব৷ শেহতীয়াকৈ জাৰি কৰা গাইডলাইন অনুসৰি পূর্বৰ নির্দেশৰ জৰিয়তে অনুমতি দিয়া কাম–কাজসমূহ সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ মুকলি ৰাখিব পাৰিব৷ অর্থাৎ পথৰ দুয়োকাষৰ দোকান–পোহাৰ নিশা ৯ বজালৈ খোলা ৰাখিব পাৰিব৷
একেদৰে আনলক–৪ৰ অধীনত সোমবাৰৰ পৰা শুকুৰবাৰৰ ভিতৰত যাত্রীবাহী বাহন আৰু আন্তঃজিলা যাতায়াৰ অনুমতি প্রদান কৰা হৈছে৷ আন্তঃজিলাত চলাচল কৰা যাত্রীবাহী বাহনসমূহে ৫০ শতাংশ যাত্রী কঢ়িয়াব পাৰিব৷ সেইদৰে ৫০ শতাংশ যাত্রীৰে কাইলৈৰ পৰা মহানগৰীত চলিব পাৰিব চিটীবাছ৷ এইক্ষেত্রত ক’ভিড প্রট’কল মানি চলিব লাগিব বাহনসমূহ৷ ৰাজহুৱা পৰিবহণ সেৱাসমূহৰ ক্ষেত্রতো ৫০ শতাংশ যাত্রী কঢ়িওৱাটো বাধ্যতামূলক কৰা হৈছে৷ আজিৰ পৰা সান্ধ্য আইনৰ সময় হ’ব নিশা ৯.৩০ বজাৰ পৰা পুৱা ৫ বজালৈ৷
এই সময়ছোৱাত নাগৰিকৰ ঘূৰা–ফুৰা কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে৷ ইয়াৰ বিপৰীতে চিনেমা হল, ছুইমিং পুল, মনোৰঞ্জনমূলক উদ্যান, থিয়েটাৰ, প্রেক্ষাগৃহ, অডিটৰিয়াম আদি সম্পূর্ণৰূপে বন্ধ থাকিব৷ লকডাউনত শিথিলতা আনিলেও কনটেইনমেণ্ট জ’নৰ অন্তর্গত অঞ্চলসমূহত কোনো ধৰণৰ কাম–কাজ কৰিব নোৱাৰিব৷ অহা ৩১ আগষ্টৰ নিশা ৯.৩০ বজালৈ এই নতুন নির্দেশাৱলী বলৱৎ হৈ থাকিব৷ অৱশ্যে সপ্তাহৰ শনিবাৰ আৰু দেওবাৰে পূর্বৰ দৰে লকডাউন অব্যাহত থাকিব৷ লকডাউনত শিথিলতা আনিলেও ৰাজ্য চৰকাৰে স্বাস্থ্যজনিত কাৰণত ১০ বছৰ অনূর্ধ্বৰ শিশু আৰু ৬৫ বছৰ ঊর্ধ্বৰ ব্যক্তিক ঘৰৰ বাহিৰলৈ নোলাবলৈ পৰামর্শ প্রদান কৰিছে৷ আনহাতে, ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়ত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে৷ এই নীতি ভংগকাৰীসকলৰ বিৰুদ্ধে ১,০০০ টকা জৰিমনা বিহা হ’ব বুলিও ৰাজ্য চৰকাৰৰ নির্দেশাৱলীত স্পষ্টভাৱে উল্লেখ কৰা হৈছে৷