নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাক্তন ক্রিকেটাৰ চেতন চৌহানৰ বিয়োগ

নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ ভাৰতৰ প্রাক্তন ক্রিকেটাৰ তথা উত্তৰ প্রদেশ চৰকাৰৰ কেবিনেট মন্ত্রী চেতন চৌহানৰ দেওবাৰে দেহাৱসান ঘটে৷ ৭৩ বছৰীয়া চৌহানৰ শৰীৰত ক’ভিড–১৯ ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছত ১২ জুলাইত লক্ষ্ণৌৰ সঞ্জয় গান্ধী পি জি আই হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ ভাৰতৰ হৈ ৪০খন টেষ্ট খেলা প্রাক্তন ক্রিকেটাৰগৰাকীয়ে ক’ৰোনা ভাইৰাছৰ লগতে আন কেইবাটাও ৰোগত ভুগি আছিল৷ পৰিয়ালৰ সূত্রই সদৰী কৰা অনুসৰি শনিবাৰৰ পৰা তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু দেওবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে৷ প্রাক্তন ক্রিকেটাৰগৰাকীৰ যকৃতকে ধৰি কেইবাটাও অংগ–প্রত্যংগ বিকল হোৱা বুলি জানিব পৰা গৈছে৷ ভাৰতৰ হৈ তেওঁ ৪০খন টেষ্টত ২,০৮৪ ৰান আৰু ৭খন এদিনীয়াত ১৫৩ ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছিল৷ দিল্লী আৰু মহাৰাষ্ট্রৰ হৈ ৰঞ্জী ট্রফী মেচ খেলা চেতন চৌহানে ১৯৭৯ত ইংলেণ্ড ভ্রমণত সুনীল গাভাস্কাৰৰ সৈতে অ’পেনিং যুটিত ২১৩ ৰান যোগ দিছিল৷ মেচখনত তেওঁ ৮০ ৰানৰ দায়িত্বপূর্ণ ইনিংছ খেলিছিল৷ অর্জুন বঁটা বিজয়ী প্রাক্তন ক্রিকেটাৰগৰাকীয়ে ১৯৯১ আৰু ১৯৯৮ত উত্তৰ প্রদেশৰ পৰা লোকসভালৈ নির্বাচিত হৈছিল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে চৌহানৰ মৃত্যুত গভীৰ শোকপ্রকাশ কৰিছে৷

You might also like