নিয়মীয়া বাৰ্তা, ১৭ আগষ্টঃ চুবুৰীয়া এগৰাকী নাবালিকাক বলাৎকাৰৰ চেষ্টা কৰি ৰঙাঘৰৰ আলহী হ’ব লগা হ’ল পেঙেৰী থানাৰ অন্তৰ্গত ১ নং মুংগং পথাৰৰ এজন যুৱক। এই ঘটনাৰ আপোচ মীমাংসাৰ নামত অভিযুক্তৰ পৰিয়ালে ৩৫ হাজাৰ টকা পৰিশোধ কৰাৰ পাছতো ঘটনাই অন্য মোৰ লোৱাৰ অভিযোগ উঠিছে। ঘটনাৰ বিৱৰণী মতে যোৱা ১৩ আগষ্ট তাৰিখেই সন্ধিয়া একেখন গাঁৱৰ একে উপাধিৰ এগৰাকী নাবালিকাক বলাৎকাৰ কৰাৰ অভিযোগৰ ভিত্তিত ধনু ওৰফে ধনে গড় (২০)ক আটক কৰি নি পেঙেৰী থানাৰ লক- আপত ভৰাই থয়। লগে লগে দুয়ো পক্ষ পেঙেৰী থানাত সমবেত হৈ আৰক্ষীৰ উপস্থিতিত আপোচ মীমাংসা কৰি গোচৰটো উঠাই লৈ হাজোতৰ পৰা ধনু গড়ক মুকলি কৰি নিয়ে। নাবালিকা পিতৃ সঞ্জু গড়ে আৰক্ষীক লিখিত ভাৱে জনোৱা মীমাংসা পত্ৰত কোৱা হৈছিল যে তেওঁৰ ছোৱালীক ধনু গড়ে বলাৎকাৰ কৰা অভিযোগটো সত্য নহয়, বৰঞ্চ এক অপপ্ৰচাৰহে আছিল। গতিকে তেওঁ ইতিমধ্যে প্ৰদান কৰা অভিযোগ উঠাই লোৱাৰ সিদ্ধান্ত লৈছে। ইফালে ধনুৰ পিতৃ সন্তোষ গড়ে জানিবলৈ দিয়া মতে এই মীমাংসাৰ বাবে ১ নং মুংগং পথাৰ গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক বংশী চেত্ৰীক ৩৫ হাজাৰ টকা দিব লগা হয়। উক্ত পৰিমাণৰ টকাখিনি অৱশ্যে কাৰ কাৰ মাজত ভাগ বটোৱাৰা হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু আপোচ মীমাংসাৰ তিনিদিনৰ পাছত উক্ত ঘটনাই অন্যফালে গতি ললে। আটছাৰ পেঙেৰী শাখাৰ হেঁচাত পৰি নাবালিকাৰ পিতৃ সঞ্জু গড়ে কালি (১৬ আগষ্ট) পেঙেৰী থানাত ধনু গড়ৰ বিৰুদ্ধে পুনৰবাৰ এজাহাৰ দাখিল কৰাত দ্বিতীয়বাৰৰ বাবে ধনুক আৰক্ষীয়ে উঠাই নিব লগা হ’ল। এই কাৰ্যত ক্ষুণ্ণ হৈ পৰিছে ধনুৰ অভিভাৱক। যদি তেওঁলোকৰ পুত্ৰ দোষীয়েই আছিল, কিয় আটক কৰি নিয়াৰ পাছতো আপোচ মীমাংসাৰ নামত এৰি দিয়া হৈছিল? এটা দুখীয়া পৰিয়ালৰ পৰা আপোচ মীমাংসাৰ নামত ৩৫ হাজাৰকৈ টকা সৰকাই লোৱাৰ পাছত পুনৰ গোচৰ ৰুজু কৰাই দ্বৈত শাস্তি প্ৰদানৰ প্ৰাসঙ্গিকতা কিমান? উক্ত এজাহাৰৰ ভিত্তিত কালি পেঙেৰী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৭৬/ আৰ ডব্লিউ ছেকচনৰ প’কছ’ এক্টৰ ৪ ৰ অধীনত ৩৬/ ২০২০ নম্বৰত এটা গোচৰ পঞ্জীভুক্ত কৰি ধনু গড়ক গ্ৰেপ্তাৰ কৰে। আজি ধৃত যুৱকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।