নিয়মীয়া বাৰ্তা, ১৮ আগষ্ট : ছয়গাঁও আৰক্ষীৰ বৃহৎ সাফল্য ৷ আৰক্ষীৰ বাবে ম’ষ্ট ৱাণ্টেড হিচাপে পৰিচিত এটি দুৰ্ধৰ্ষ গাড়ী চোৰ চক্ৰৰ তিনিজন লোকক আটক ৷ আটকাধীন গাড়ী চোৰকেইজনৰ পৰা উদ্ধাৰ কৰে তিনিখন বাইকো ৷ উল্লেখযোগ্য যে ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত যোৱানিশা চলোৱা এক অভিযানত আৰক্ষীৰ দলটোৱে তিনিজন দুৰ্ধৰ্ষ বাইক চোৰ গ্ৰেপ্তাৰ কৰাৰ লগতে তিনিখন বাইকো জব্দ কৰে । ঘটনাৰ বিৱৰণীত জানিব পৰামতে যোৱা ১৩ আৰু ২৯ জুলাইত ছয়গাঁও ষ্টেট বেংকৰ সন্মূখৰ পৰা দুখন বাইকচোৰ কৰাৰ ঘটনা চিচি টিভি কেমাৰাত বন্দী হোৱাৰ বিষয়ে ছয়গাঁও আৰক্ষী অৱগত হয় ৷ এই তথ্যৰ ভিত্তিতে আৰক্ষীৰ দলটোৱে কালি দুপৰীয়া ছয়গাঁও ষ্টেট বেংকৰ সন্মুখত বাইক চুৰি কৰিবলৈ অহাৰ সময়তে গৰৈমাৰীৰ হাতীপাৰাৰ ৰফিকুল ইছলামক ( ৩০) সাধাৰণ পোছাকত থকা ছয়গাঁও আৰক্ষীৰ দলটোৱে বেংকৰ সন্মুখত আটক কৰে। ইয়াৰ কিছু সময় পিছতে ৰফিকুলৰ সহযোগী আবিদুল্লাকো ( ১৯) আৰক্ষীয়ে আটক কৰে। আৰক্ষীয়ে দুয়োজনকে জেৰা কৰি পোৱা তথ্যৰ ভিত্তিত নিশা বকোৰ জাউৰীয়াকাটাত অভিযান চলাই কাদেৰ আলীক (৩৫) আটক কৰে আৰু চোৰজনৰ ঘৰৰ পৰা দুখন বাইক উদ্ধাৰ কৰে। আনহাতে উক্ত লোক তিনিজনৰ তথ্যৰ ভিত্তিতেই সেই গাঁৱৰে নাদিৰ আলীৰ ঘৰত অভিযান চলাই এখন বাইক উদ্ধাৰ কৰে যদিও নাদিৰ আলীক আৰক্ষীয়ে আটক কৰিবলৈ নোৱাৰিলে। কাৰণ আৰক্ষী গৈ পোৱাৰ আগতেই নাদিৰ আলী পলায়ন কৰে ৷ আৰক্ষীয়ে এই অভিযানত কাদেৰ আলীৰ ঘৰৰ পৰা এ এছ ১৫ এইছ ০১১৭ আৰু এ এছ ০১ বি এছ ৮৫৯২ নম্বৰৰ দুখন নাম্বাৰপ্লেটো উদ্ধাৰ কৰে। আনহাতে জব্দ কৰা বাইক দুখনৰ নম্বৰ হ’ল এ এছ ১৫ এইছ ১১০৫ আৰু এ এছ ২৫ জি ৯৮৬২ ৷ আনখনৰ কোনো নাম্বাৰপ্লেট নাই বুলি জানিব পৰা গৈছে ৷ আৰক্ষী সুত্ৰে জানিব পৰামতে দুৰ্ধৰ্ষ বাইকচোৰ ৰফিকুল ইছলাম আৰু আবিদুল্লাই বিভিন্ন আঞ্চলৰ পৰা বাইক চোৰ কৰি কাদেৰ আলী আৰু নাদিৰ আলীক ছমজাই দিয়ে আৰু কাদেৰ আৰু নাদিৰে চুৰি বাইক সমূহ বিক্ৰী কৰি অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছে। আৰক্ষীয়ে জানিবলৈ দিয়ামতে ৰফিকুল নামৰ চোৰজনে ইতিমধ্যে দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলৰ পৰা ইতিমধ্যে ২০ খনতকৈও অধিক বাইক চুৰি কৰিছে ৷ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকে গাড়ী চোৰ চক্ৰৰ বিৰুদ্ধে অভিযান চলাই ইতিমধ্যে বহু গাড়ী চোৰক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে । ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ এই সবল নেতৃত্বক ছয়গাঁৱবাসীয়ে ভূয়সী প্ৰশংসা কৰিছে ।