নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশুজনিত অপৰাধৰ শীৰ্ষত গুৱাহাটী

আৰক্ষীৰ বিৰুদ্ধে নিৰ্লিপ্ততাৰ অভিযোগ

গুৱাহাটী, ২৯ নবেম্ৱৰঃ গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে শিশুজনিত অপৰাধৰ ঘটনা। শেহতীয়াকৈ লাভ কৰা এক তথ্য অনুসৰি ৰাজ্য়ৰ ভিতৰতে সৰ্বাধিক শিশুজনিত অপৰাধ সংঘটিত হয় গুৱাহাটীত। মহানগৰীৰ প্ৰায়সংখ্যক থানাতেই ৰুজু হৈছে সৰ্বাধিক শিশুজনিত অপৰাধৰ গোচৰ। কিন্তু অপৰাধমূলক ঘটনা ৰোধ কৰাত ব্যৰ্থ মহানগৰ আৰক্ষী। বিভিন্ন কাৰণত ৰাজ্যত বৃদ্ধি পাইছে শিশু সৰবৰাহ, যৌন নিৰ্যাতন, শিশু শ্ৰমিক, বাল্য বিবাহকে ধৰি বিভিন্ন অপৰাধজনিত ঘটনা। ২০১৮ বৰ্ষত মহানগৰীত শিশুজনিত অপৰাধৰ গোচৰ ৰুজু হৈছিল ৯৯টা। কিন্তু এই গোচৰৰ সমূহৰ এটাও গোচৰৰ তদন্ত আৰম্ভ নকৰিলে আৰক্ষীয়ে। শিশু অধিকাৰ ৰক্ষাৰ বাবে চলোৱা বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ বাবে ৰাজধানী চহৰ গুৱাহাটীত শিশুজনিত অপৰাধৰ গোচৰ ৰুজু হোৱাৰ সংখ্যা বৃদ্ধি পাইছে।