আৰক্ষী বিষয়াসহ পানীখাইতীৰ তিনিজনৰ দেহত ক’ভিড–১৯ পজিটিভ
নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট: পানীখাইতী আৰক্ষী চকীৰ এগৰাকী আৰক্ষী বিষয়াসহ মুঠ তিনিগৰাকী লোকৰ দেহত অতিমাৰী ক’ৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে৷ বিভাগীয় সূত্রৰ মতে, আৰক্ষী চকীখনৰ সহকাৰী উপ–পৰিদর্শক প্রসন্ন দাস (৫৫) শেহতীয়াকৈ অন্য ৰোগৰ চিকিৎসাধীন অৱস্থাত ক’ৰোনাৰ দ্বাৰা আক্রান্ত হৈছে৷
তথ্য অনুসৰি মধুমেহ ৰোগী প্রসন্ন দাস গুৰুতৰভাৱে অসুস্থ হৈ পৰাত কেইদিনমান পূর্বে মহানগৰীৰ গেট হাস্পতালত ভর্তি হৈছিল৷ চিকিৎসাধীন অৱস্থাত কালি তেওঁৰ ক’ভিড পৰীক্ষা কৰাত ফলাফল পজিটিভ অহাত লগে লগে মহেন্দ্রমোহন চৌধুৰী হাস্পতালত ভর্তি কৰায় স্বাস্থ্য বিভাগৰ লোকে৷ জানিব পৰা মতে কিছু গুৰুতৰ হৈ আছে আৰক্ষী বিষয়াগৰাকীৰ অৱস্থা৷ ইয়াৰ উপৰি বোন্দা কলনীৰ দুর্গা মন্দিৰৰ সমীপৰ অণিমা সেনগুপ্তা (৪৫) আৰু বর্ণালী তামুলী (৪৪) নামৰ দুই মহিলাৰ শৰীৰতো ক’ৰোনাৰ অৱস্থিতি ধৰা পৰা বুলি বিভাগীয় সূত্রই প্রকাশ কৰিছে৷
আক্রান্ত মহিলা দুগৰাকীক ইতিমধ্যে চিকিৎসালয়ত ভর্তি কৰাৰ বিপৰীতে তেওঁলোকৰ বাসগৃহ দুটা আৰু আৰক্ষী বিষয়াগৰাকীৰ বোন্দাৰ ভাৰা ঘৰটো কমঢেইনমেণ্ট জ’ন হিচাপে ছীল কৰিছে প্রশাসনে৷