নিয়মীয়া বাৰ্তা, ২০ আগষ্ট: কংগ্রেছৰ সভাপতি পদত গান্ধী পৰিয়ালৰ বাহিৰৰ ব্যক্তি বিচাৰে দলটোৰ সাধাৰণ সম্পাদক তথা ৰাহুল গান্ধীৰ ভগ্ণী তথা ছোনিয়া গান্ধীৰ কন্যা প্রিয়ংকা গান্ধী ভদ্রাই৷ বিগত বর্ষত সভাপতি পদৰ পৰা পদত্যাগ কৰি ৰাহুল গান্ধীয়ে দলটোক নেতৃত্ব প্রদান কৰাৰ বাবে গান্ধী পৰিয়ালৰ বাহিৰৰ ব্যক্তিৰ প্রসংগ উল্লেখ কৰিছিল৷ সেই প্রসংগকে আগবঢ়াই নি ৰাহুল গান্ধীৰ মতক পূর্ণ সমর্থন আগবঢ়াইছে প্রিয়ংকা গান্ধী ভদ্রাই৷ আমেৰিকা যুক্তৰাষ্ট্রৰ শিক্ষাবিদ প্রদীপ শ্বিবাৰ আৰু হর্ষ শ্বাহে লিখা গ্রন্থ ‘ইণ্ডিয়া টুমৰ’ ঃ কনভার্ছেছন উইথ দ্য নেস্কট জেনেৰেচন অৱ পলিটিকেল লীডার্ছ’ ত প্রিয়ংকা গান্ধী ভদ্রাই দলৰ সভাপতি পদত গান্ধী পৰিয়ালৰ বাহিৰৰ ব্যক্তিক অধিষ্ঠিত কৰাটো বিচাৰে বুলিও উল্লেখ কৰিছে৷
উল্লেখ্য যে ২০০৯ চনৰ জুলাইত গ্রন্থখনৰ লেখকদ্বয়ৰ সৈতে হোৱা সাক্ষাৎকাৰত প্রিয়ংকা গান্ধীয়ে ৰাহুল গান্ধীৰ মতক পূর্ণ সমর্থন জনাইছিল৷ কিন্তু সম্প্রতি প্রত্যক্ষ ৰাজনীতিত জড়িত হৈ থকা প্রিয়ংকা গান্ধীৰ এই মত পুৰণি বুলি জ্যেষ্ঠ কংগ্রেছী একাংশই দাবী কৰিছে৷