মাৰ্ঘেৰিটাত সত্যৰঞ্জন বৰাৰ মুছলমানক কেন্দ্ৰ কৰি বিতৰ্কিত মন্তব্য, আমছুৰ এজাহাৰ দাখিল
নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ হিন্দুত্ববাদী নেতা সত্য ৰঞ্জন বৰাৰ বিৰুদ্ধে পুনৰ এজাহাৰ দাখিল৷ মাৰ্ঘেৰিটা সদৰ আৰক্ষী থানাত আজি এজাহাৰ দাখিল কৰিছে আমছুৱে৷ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে আজি বিতৰ্কিত লেখক, বিজেপি নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ৷ মন কৰিবলগীয়া যে, যোৱা ১৮ আগষ্টত সত্যৰঞ্জন বৰাই জাতীয় সত্তা আৰু হিন্দু চেতনাৰ যাত্ৰা শীৰ্ষক অভিযানৰ অংশস্বৰূপে আহি উপস্থিত হৈছিল মাৰ্ঘেৰিটাত৷ ১৯ আগষ্টৰ দিনা মাৰ্ঘেৰিটাৰ লোকনাথ বাবাৰ মন্দিৰত এক দলীয় সভাত অংশ গ্ৰহন কৰাৰ পাছতেই দুপৰীয়ালৈ এক সংবাদ মেলত মিলিত হৈছিল৷
উক্ত সংবাদ মেলত সত্যৰঞ্জন বৰাই নিজৰ মনোভাৱ ব্যক্ত কৰি কৈছিল যে, মাৰ্ঘেৰিটাত ভৰি দিয়েই তেও অত্যন্ত দুখী হৈছে৷ কাৰন হিন্দু জাতিসত্তাৰ অন্যতম গৰুক লৈ মাৰ্ঘেৰিটাত বেহা চলিছে৷ একাংশ মুছলমানে লাভ জেহাদৰ নামত হিন্দু যুৱতীক টাৰ্গেট কৰি লৈছে৷ ভুৱা নামেৰে হিন্দু যুৱতীৰ সতে প্ৰেমৰ অভিনয় কৰিছে৷ ধৰ্মান্তকৰনৰ প্ৰক্ৰিয়া কোৰাণৰ কৰবাত নহয় কৰবাত লিপিবদ্ধ আছে৷ সেয়েহে লাভ জেহাদৰ নামত নিজৰ আচল পৰিচয় গোপন কৰি ধৰ্মান্তকৰনৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ মুছলমানে আমাৰ মাটি দখল কৰিব, বাই ভনীক নষ্ট কৰিব আমাক সকলো ফালৰ পৰা নিশকটীয়া কৰিব আৰু আমি কিয় মাত নামাতিম৷ সেইদৰে বিভিন্ন বিষয়ৰ ওপৰত মন্তব্য প্ৰকাশ কৰিছিল সত্যৰঞ্জন বৰাই৷ ইয়াৰ পিছতে তেওঁৰ মন্তব্যক লৈ মাৰ্ঘেৰিটাত প্ৰতিক্ৰীয়াৰ সৃষ্টি হৈছিল৷ আজি মাৰ্ঘেৰিটা আৰক্ষী থানাত সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে আমছুৱে দাখিল কৰে এক এজাহাৰ৷ এজাহাৰত আমছুৰ নেত্ৰীবৰ্গই দিয়া অভিযোগ অনুসৰি সত্যৰঞ্জন বৰাৰ এনে মন্তব্যই মাৰ্ঘেৰিটাত শান্তিপূৰ্ণ ভাবে বাস কৰা হিন্দু আৰু মুছলমানৰ সমন্বয়ৰ ওপৰত আঘাত সানিব৷ মুছলমান ধৰ্মাৱলম্বী কেইজনমান অপৰাধীৰ বাবে গোটেই জাতিটোক নিন্দা কৰাতো কোনোপধ্যেই গ্ৰহনযোগ্য নহয়৷ কাৰণ অপৰাধীৰ কোনো ধৰ্ম নাই৷