ছাত্রীৰ স্কুটী বুকিংঃ শিক্ষা সংসদে মুকলি কৰিলে প’র্টেল
নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্রথম বিভাগত উত্তীর্ণ ছাত্রীসকলক ৰাজ্য চৰকাৰে আগবঢ়াব স্কুটী৷ অহা ১৫ অক্টোবৰৰ পূর্বে ২২ হাজাৰ ছাত্রীক স্কুটীসমূহ প্রদান কৰা হ’ব বুলি ইতিমধ্যে ৰাজ্যৰ বিত্ত, স্বাস্থ্য তথা শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মেলযোগে ঘোষণা কৰিছে৷ তাৰ পিছতে কালি ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগে মুকলি কৰিছে এটা বিশেষ অনলাইন প’র্টেলhttp://sebaonline.org/choiceofscooty প’র্টেললৈ গৈ ছাত্রীসকলে নিজৰ পছন্দৰ স্কুটীখন বুকিং কৰিব পাৰিব৷
উল্লেখ্য যে প্রজ্ঞান ভাৰতী আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে ছাত্রীসকলক ইলেকট্র’নিক আৰু পেট্র’লচালিত এই দুইধৰণৰ স্কুটী প্রদান কৰিব৷ ইয়াৰ বাবে নির্দিষ্ট প’টেলত ছাত্রীসকলে পছন্দৰ স্কুটীখনৰ বাবে ১০ দিনৰ ভিতৰত আবেদন কৰিব লাগিব৷ ছাত্রীসকলে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ নিজৰ ৰোল নম্বৰক ইউজাৰ আই ডি আৰু ৰেজিষ্ট্রেচন নম্বৰক পাছৱর্ড হিচাপে ব্যৱহাৰ কৰি প’র্টেল লগ ইন কৰিব লাগিব৷ তাৰ পিছত অভিভাৱকৰ নাম, শিক্ষানুষ্ঠানৰ নাম, পৰীক্ষাত লাভ কৰা নম্বৰ সন্নিৱিষ্ট কৰি পছন্দৰ স্কুটীখনৰ ক্ষেত্রত টিক মার্ক প্রদান কৰিব লাগিব৷
যোগাযোগৰ বাবে ম’বাইল নম্বৰ আৰু ই–মেইল আইডি দিয়াৰ পিছত আবেদনকাৰীয়ে এখন প্রাপ্তিৰ ৰচিদ লাভ কৰিব৷ পৰৱর্তী ১০ দিনৰ ভিতৰত আবেদন প্রক্রিয়া সম্পূর্ণ হোৱাৰ পিছত স্কুটী ক্রয় প্রক্রিয়া আৰম্ভ হ’ব আৰু ১৫ অক্টোবৰৰ ভিতৰত ছাত্রীসকলে নিজৰ পছন্দৰ স্কুটীখন লাভ কৰিব৷