ছয়গাঁও আৰক্ষীৰ অভিযানত দুখন চোৰাং বাইক উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ২১ আগষ্ট : ছয়গাঁও আৰক্ষীৰ আন এক বৃহৎ সাফল্য ৷ দক্ষিণ কামৰূপ আৰক্ষীৰ বাবে ম’ষ্ট ৱাণ্টেড হিচাপে পৰিচিত এটি দুৰ্ধৰ্ষ গাড়ী চোৰ চক্ৰৰ তিনিজন লোকক আটক কৰাৰ পিচত আটকাধীন তিনিওজন গাড়ী চোৰৰ কবলৰ পৰা চুৰি গাড়ী উদ্ধাৰ কৰাৰ বাবে ছয়গাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে তীব্ৰ অভিযান ৷
ইতিমধ্যে ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত যোৱা ১৮ আগষ্টত চলোৱা এক অভিযানত তিনিজন দুৰ্ধৰ্ষ বাইক চোৰ গ্ৰেপ্তাৰ কৰাৰ লগতে তিনিখন বাইকো জব্দ কৰে । উক্তদিনা গৰৈমাৰীৰ হাতীপাৰাৰ ৰফিকুল ইছলামৰ লগতে ৰফিকুলৰ সহযোগী আবিদুল্লাকো আৰক্ষীয়ে আটক কৰে। আৰক্ষীয়ে দুয়োজনকে জেৰা কৰি পোৱা তথ্যৰ ভিত্তিত নিশা বকোৰ জাউৰীয়াকাটাত অভিযান চলাই কাদেৰ আলীক আটক কৰে আৰু চোৰজনৰ ঘৰৰ পৰা দুখন বাইক উদ্ধাৰ কৰে ৷ ১৯ আগষ্টত তিনিওজনকে আদালতত হাজিৰ কৰোৱাৰ পিচত আৰক্ষীয়ে ৭ দিনৰ বাবে নিজৰ জিন্মালৈ আনে ৷ তিনিওজনক ছয়গাঁও আৰক্ষী থানাত জেৰা কৰি থকাৰ সময়তে আৰক্ষীৰ জিন্মাত থকা কাদেৰ আলীৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে যোৱা নিশা কাদেৰ আলীৰ জাউকাটাদিয়াৰ ঘৰৰ পৰা আৰক্ষীয়ে দুখন বাইক উদ্ধাৰ কৰি ছয়গাঁও থানালৈ লৈ আহে ৷
আৰক্ষীয়ে কাদেৰ আলীৰ ঘৰৰ পৰা জব্দ কৰা এ এছ ০১ বি এ ৯৭২৯ আৰু এ এছ ১৯ জে ৯৬৫৮ নম্বৰৰ বাইক দুখনৰ নাম্বাৰ প্লেট দুখন ভূৱা বুলি সন্দেহ কৰিছে ৷ তিনিওজন চোৰৰ কবলৰ পৰা আৰু অধিক চুৰি বাইক উদ্ধাৰ কৰাৰ বাবে ছয়গাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷