নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুলকুলি বা গার্গল কৰা পানীয়েই ক’ব আপুনি ক’ৰোনা আক্রান্ত নেকি !

নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: কুলকুলি বা গার্গল কৰা পানীৰেই হ’ব পাৰে ক’ৰোনা পৰীক্ষা। নিজৰ স্বাৱ এই পদ্ধতিত নিজেই টেষ্টিঙৰ বাবে দিব পাৰিব। ইয়াত স্বাস্থ্যকর্মীৰ প্রয়োজন নহ’ব। যদি নিজকে ক’ৰোনা আক্রান্ত বুলি সন্দেহ হয়, তেন্তে নিজেই কুলকুলি বা গার্গল কৰাৰ সময়ত সেই পানী বেলেগকৈ ৰাখি ক’ভিড পৰীক্ষাকেন্দ্রত দি আহিব পাৰিব। এই পদ্ধতিত ক’ভিডৰ চিকিৎসা খৰছো কমিব। AIIMS-ৰ চিকিৎসকসকলে কৰা এই গৱেষণা প্রকাশিত হৈছে ইণ্ডিয়ান জার্নাল অফ মেডিকেল ৰিছার্চত।

গবেষণাৰ নাম “Gargle lavage as a viable alternative to swab for detection of SARS_COV_2”। AIIMS-ৰ মেডিচিন বিভাগৰ চিকিৎসকে এই গৱেষণাটো কৰিছে।

গৱেষণা ৰিপোর্টত উল্লেখ কৰা হৈছে, স্বাৱ সংগ্রহ কৰাৰ সময়ত স্বাস্থ্যকর্মীয়ে ক’ৰোনা আক্রান্তৰ সংস্পর্শলৈ আহে। ফলত তেওঁলোক আক্রান্ত হোৱাৰ সম্ভাৱণা বেছি থাকে। নতুন এই পদ্ধতিত তাৰ পৰা ৰক্ষা পাব পৰা যাব।

উল্লেখ্য যে মে-জুন মাহত AIIMS-ত চিকিৎসাধীন ৫০ জন ক’ভিড ৰোগীৰ ওপৰত এই ক্রছ ফাংছনেল গৱেষণা কৰা হয়। য’ত আক্রান্ত হোৱাৰ ৭২ ঘণ্টাৰ ভিতৰত স্বাৱৰ নমুনা আৰু গার্গল কৰা পানীৰ নমুনা নিয়া হয়। পাছত RTPCR পদ্ধতিত তাৰ পৰীক্ষা কৰা হয় । দেখা যায়, সকলো গার্গল নমুনা পজিটিভ আহে। ইপিনে সমান্তৰালকৈ শতকৰা ৭৪ ভাগ ৰোগীয়ে স্বাৱৰ জৰিয়তে নমুনা দিয়াত অসুবিধাবোধ কৰে। আনহাতে মাত্র ২৪ শতাংশ ৰোগীয়েহে গার্গলৰ নমুনা দিয়াত অসুবিধাবোধ কৰে। ৰিপোর্টৰ শেষত কোৱা হৈছে যে, সমীক্ষাত পোহৰলৈ আহিছে গার্গলৰ মাধ্যমেৰেও নমুনা দিব পৰা যায়।

অৱশ্যে এই বিকল্প পদ্ধতিৰ জৰিয়তে ক’ৰোনা পৰীক্ষা কেতিয়াৰ পৰা আৰম্ভ হ’ব তাৰ চূড়ান্ত সিদ্ধান্ত দিব IC

You might also like